অসম

লাহোৱালত এগৰাকী মহিলা সন্ধানহীন

প্ৰথম খবৰ, লাহোৱাল: ৰহমৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত কানাই গাঁৱৰ দুটা সন্তানৰ মাতৃ এগৰাকী সন্ধানহীন হৈ আছে। প্ৰাপ্ত বাতৰি মতে, কানাই গাঁৱৰ উৎপল শইকীয়া পত্নী দিপ্তী দাস শইকীয়াই ২৫ জুলাই দিনা দিনৰ ৯ বজাত লাহোৱাললৈ আহিছিল। মহিলাগৰাকী সন্ধ্যা পৰলৈকে নিজ বাসগৃহলৈ ঘূৰি নোযোৱাত পৰিয়ালৰ লোকে বিভিন্ন স্থানত খবৰ লোৱা পাছতো বৰ্তমানলৈকে একো সন্ধান পোৱা নাই। আজি ৰহমৰীয়া আৰক্ষীৰ থানাত সন্ধানহীন হৈ থকা মহিলাগৰাকীৰ সন্দৰ্ভত স্বামী উৎপল শইকীয়া এজেহাৰ দাখিল কৰিছে। সন্ধানহীন হৈ থকাৰ মহিলাগৰাকীৰ সম্পৰ্কে কিবা তথ্য পালে আৰক্ষী ওচৰত অৱগত কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Close