অসম

লিডুত অসম সাহিত্য সভাৰ শিশু সন্মিলন কুঁহিৰ প্ৰস্তুতি : মুখ্য অতিথি ৰূপে উপস্থিত থাকিব কলকতাৰ বিশিষ্ট বাংলা সাহিত্যিক ৰামকুমাৰ মুখোপাধ্যায়

প্ৰথম খবৰ,মাৰ্ঘেৰিটা/লিডু: অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান শতবৰ্ষীয় শিশু সন্মিলন “কুঁহি” আৰু অসম সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহকৰ দ্বিতীয় অধিৱেশন ২৭,২৮,২৯ আৰু ৩০ জুলাইত চাৰিদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ সৌজন্যত লিডু শাখা সাহিত্য সভাৰ উদ্যোগত উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। আজি লিডু শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত এক সংবাদমেলত আদৰণি সমিতিয়ে অনুষ্ঠানটোৰ সম্পৰ্কত বিস্তৃত তথ্য দাঙি ধৰে। আদৰণি সমিতিৰ সভাপতি ড° ৰঞ্জিত দত্ত, কাৰ্যকৰী সভাপতি তথা কুঁহিৰ তত্বাবধায়ক সুনীল গুৰুং, সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কুঁহি উপ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী ড° ছবি গগৈ ভাৰপ্ৰাপ্ত আহ্বায়িকা ছাঁয়াৰাণী শইকীয়াই সম্বোধন কৰা সংবাদ মেল খনত সদৰী কৰা তথ্য অনুসৰি ২৭ জুলাইত তিনিচুকীয়া জিলা ভিত্তিত জাতীয় চেতনা সম্পৃক্ত সংগীত আৰু সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হব । ২৮ জুলাইত পুৱা ৮.৪৫ বজাত শতবৰ্ষীয় পতাকা উত্তোলন কৰা হব। বিভিন্ন জনগোষ্ঠীৰ শিশু প্ৰতিনিধিয়ে ১০০ খন পতাকা উত্তোলন কৰিব লগীয়া এই কাৰ্যসূচীৰ মূল পতাকা উত্তোলন কৰিব তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি প্ৰবীন বৰাই । তাৰ পাছতে এশ গৰাকী জাতীয় ব্যক্তি আৰু শিশুৱে একেলগে স্মৃতি তৰ্পণ কৰিব । বৃক্ষ ৰোপণ কৰিব জিলা উপায়ুক্ত ঐৰাম চৰণ কুমাৰ সিঙে । দিনৰ ১১ বজাত ৰাজ্যিক ভিত্তিত জাতীয় চেতনা সম্পৃক্ত সংগীত আৰু সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব । উদ্ধোধন কৰিব বিশিষ্টা সাহিত্যিক বন্তি আশা কাকতি চলিহাই । এই ৰাজ্যিক প্ৰতিযোগিতাত প্ৰথম দিনা তিনিচুকীয়া জিলা ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাৰ নিৰ্বাচিত প্ৰতিযোগীয়ে জিলা খনক প্ৰতিনিধিত্ব কৰিব পাৰিব । বিয়লি ৪.৩০ বজাত নিৰ্বাচিত শিশু একাংকিকা নাট প্ৰতিযোগিতা অনুষ্ঠিত হব। উদ্বোধন কৰিব লক্ষ্মীনন্দন গগৈয়ে । বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব সদৌ অসম মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক দিগন্ত দাসে । সন্ধিয়া ৭ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব । ২৯ জুলাইত পুৱা ১০ বজাত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হব । উদ্বোধন কৰিব স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই । দিনৰ ১২ বজাত অনুষ্ঠিত হব শতবৰ্ষীয় শিশু সন্মিলন । সদৌ অসম মইনা পাৰিজাতৰ সভাপতি তথা কৃষি মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰিব লগীয়া সন্মিলনত ৰাজ্যৰ শতাধিক প্ৰতিভাৱান শিশুৱে অংশগ্ৰহণ কৰিব । দিনৰ ২.৩০ বজাত অসম সাহিত্য সভাৰ সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হব মুকলি সভা । অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে উদ্বোধন কৰিব লগীয়া সভাখনলৈ মুখ্য অতিথি ৰূপে কলকাতাৰ বিশিষ্ট বাংলা সাহিত্যিক ডঃ ৰাম কুমাৰ মুখোপাধ্যায় ৰ লগতে ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী , অসম সাহিত্য সভাৰ উপ সভাপতি প্ৰহ্লাদ তাচা বিধায়ক ভাস্কৰ শৰ্মা, সুৰেন ফুকন অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, ড° জয়শ্ৰী গোস্বামী মহন্ত শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমী বঁটা অৰ্জন কৰা হৰেন্দ্ৰ নাথ বৰঠাকুৰ আদিয়ে অংশ গ্ৰহণ কন কৰিব । সংবাদ মেল খনত কুঁহি উদযাপনৰ বাবে গ্ৰহণ কৰা বাজেটৰ সন্দৰ্ভত জানিবলৈ দিয়া মতে সমগ্ৰ অনুষ্ঠানটোৰ বাবে ১৯ লক্ষ ৫০ হাজাৰ টকাৰ এখনি বাজেট গ্ৰহণ কৰা হৈছিল যদিওঁ আৰ্থিক সমস্যাৰ বাবে বাজেট খন হ্ৰাস কৰি ১৪ লক্ষ টকা কৰা হৈছে । অৱশ্যে বৰ্তমান লৈকে আদৰণি সমিতিৰ পুঁজিলৈ কোনো ধৰণৰ ধন অহা নাই যদিও স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে শুভাকাংক্ষী ব্যক্তিৰ সহযোগত অনুষ্ঠানটি সফলতাৰে উদযাপনৰ বাবে অহোপুৰুষাৰ্থ কৰা হব বুলি জানিবলৈ দি আদৰণি সমিতিয়ে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই সম্পূর্ণ সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ কথা সংবাদ মেল খনত সদৰী কৰে । বিভিন্ন প্ৰান্তৰ পৰা আহিব লগীয়া কেইবা শতাধিক শিশু অভিভাৱক আৰু অতিথি সকলক বিভিন্ন শিক্ষানুষ্ঠানত শিবিৰ পাতি তথা বিভিন্ন অতিথি শালা আৰু হোটেলত ৰখাৰ ব্যৱস্থা কৰা হব বুলি সদৰী কৰে। অন্যহাতে অনুষ্ঠানত কেইবাটাও সমবেত সংগীত পৰিবেশনৰ বাবে যো-জা চলাই থকা হৈছে । প্ৰায় তিনিশ শিশুৱে এই সমবেত সংগীতত ভাগ ল’ব । আদৰণি সমিতিয়ে ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদ্যোগতা সকলে। এইক্ষেত্ৰত স্থানীয় সকলো দল সংগঠনৰ সহযোগিতা কামনা কৰিছে। উল্লেখ যে লিডুতে ২০১২ বৰ্ষত অসম সাহিত্য সভাৰ সপ্তম বিশেষ বাৰ্ষিক লিডু অধিৱেশন নিংৰুলা সমন্বয় ক্ষেত্ৰ অনুষ্ঠিত হৈছিল। এই অঞ্চলত পুনৰ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান কুঁহি সমাৰোহৰ অনুষ্ঠিত হ’ব বুলি খবৰ বিয়পি পৰা লগে লগে সাহিত্য অনুৰাগী সকল উৎফুল্লিত হৈ পৰিছে বুলি জানিব পৰা গৈছে । উল্লেখ যে পাটকাই পাদদেশৰ লিডু হৈছে উত্তৰ-পূৱৰ সৰ্বপ্ৰথম ক্ষুদ্ৰ উদ্যোগীক চহৰ । কেইবাখনো জনজাতি গাঁৱৰ যোগাযোগৰ কেন্দ্ৰস্থল । অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান কুঁহি সমাৰোহে ৰাজ্যখনৰ শিশু সকলৰ মনৰ মাজত বৈচ

Related Articles

Leave a Reply

Close