অসম

শিমলুগুৰিত কণমানি শিশুৰ সলিল সমাধি

প্ৰথম খবৰ, শিমলুগুৰি: নাজিৰা মহকুমাৰ মাদুৰীৰ জয়া চাহ বাগিছাৰ নিবাসী ৰাজেন মাৰাৰৰ একমাত্ৰ পুত্ৰ বিশ্ব প্ৰতিম মাৰাৰ(৩)বছৰ কালি মাকৰ সৈতে মাদুৰী চাহ বাগিছাৰ (কোৱামৰা )মোমায়েকৰ ঘৰলৈ গৈছিল। কিন্তু মোমায়েকৰ ঘৰৰ কোৱাল গতিৰে বৈ যোৱা নামডাং নৈৰ পানীত পৰি সলিল সমাধি ঘটে।মাক আৰু মোমায়েকৰ ঘৰৰ লোকসকলে কনমানিটোক বিচাৰি চলাথ কৰি নাপালে। কিন্তু দুপৰীয়া ২বজাত শিশুটিৰ নিথৰ মৃতদেহ নামডাংৰ পানীত উপঙি উঠে। শিশুটিৰ মৃতদেহ বিচাৰি পোৱাৰ লগে লগে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰে। জানিব পৰা মতে, কোন মুহূৰ্তত শিশুটি কেনেকৈ পানীত পৰিল কোনেও একো গম পোৱা নাছিল। আজি ঘটনাস্থলীত নাজিৰাৰ দণ্ডাদীশ অদিতি বৰ্মণৰ উপস্থিতিত নাজিৰা আৰক্ষীৰ সহযোগত মৃতদেহ জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰু কণমানি শিশুৰ অকাল মৃত্যুত সমগ্ৰ মাদুৰীত শোকৰ ছাঁ পৰিছে।

Related Articles

Leave a Reply

Close