অসম

শিমেলীবাড়ী যুৱ মঞ্চ ও জ্ঞানদায়িনী পুথিভঁৰালৰ উদ্যোগত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন

প্ৰথম খবৰ, চাংসাৰি: কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী শিমেলীবাড়ীত কাইলৈ দিনজোৰা কাৰ্যসূচীৰে শিমেলীবাড়ী যুৱমঞ্চ আৰু জ্ঞানদায়িনী পুথিভঁৰালৰ উদ্যোগত এখনি অনুস্থান আৰু নিশা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। শিমেলীবাড়ী যুৱ মঞ্চ ও জ্ঞানদায়িনী পুথিভঁৰালৰ এক সামাজিক অনুষ্ঠান আৰু এই অনুস্থানটোৱে বিগত পাঁচটা বছৰ সফলতাৰে এই অনুস্থানটো আয়োজন কৰি এইবাৰ ষষ্ঠবাৰলৈ বৰ্ণিল কাৰ্য্যসূচীৰে সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীৰ আয়োজন কৰিছে। শিমেলীবাড়ী এল পি স্কুলৰ প্ৰাংগনত ৮ জুলাই শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে এই অনুস্থানটো আয়োজন হৈ নিশা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ শিল্পীৰ গীতৰ শৰাইৰে কাৰ্য্যসূচীৰ সমাপ্তি ঘটিব। সভাপতি পিৰজাহান আলী আৰু সম্পাদক ইন্তাজুল হকৰ তত্বাৱধানত চলিবলগীয়া এই অনুস্থানটো ৰাতিপুৱা ৮-৩০ বজাত সভাপতিৰ দ্বাৰা পতাকা উত্তোলন কাৰ্য্যসূচীৰে আৰম্ভণি হ’ব। ৰাতিপুৱা ৯ বজাত বৃক্ষৰোপন, ১০ বজাত কুইজ, বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা।আবেলি ৪ বজাত যুৱ মঞ্চৰ নৱ নিৰ্মিত গৃহ উদ্বোধন কৰিব শিমেলীবাড়ীৰ বিশিষ্ট ব্যক্তি ওৱাজেদ আলী ডাঙৰীয়াই। উদ্বোধনী অনুস্থানৰ বিশিষ্ট অতিথি ৰূপে থাকিব ডা: চামচুল আলম, আন্তৰাষ্ট্ৰীয় গৱেষক চিকিৎসক, গুৱাহাটী। ইয়াৰ পিছতে দিনত হৈ যোৱা কুইজ, আকস্মিক বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা বিতৰণ কৰিব ঐক্য সেনা অসমৰ মুখপাত্ৰ ও সাংবাদিক পঙ্কজ নাথ আৰু গুৱাহাটীৰ চকু বিশেষজ্ঞ ডাঃ আখতাৰুল ইছলাম ডাঙৰীয়াই। সন্ধিয়া ৬-৩০ বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন হোৱাৰ পিছত ৭ বজাত সমবেত সংগীত, ৭-১৫ বজাত স্থানীয় শিল্পীৰ গীত আৰু নৃত্য পৰিৱেশন। নিশা ৯-৩০ বজাত কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুস্থান। অনুস্থানটোত উপস্থিত থাকিব বিজেপিৰ বেজেৰা মণ্ডলৰ সভাপতি অনিল ৰাজ ডেকা। ১০ বজাত জিকিৰ পৰিৱেশনৰ পিছত ১০-৩০ বজাত কৌতুক অভিনেতা বিপুল ৰাভাৰ কৌতুক অভিনয়ৰ পিছতে ১১ বজাত আমন্ত্ৰিত শিল্পী ডেনিছ, গৌতম ৰাজ, ৰিম্পী, তৃপ্তি কাশ্যপ, ৰুনা লাইলা আৰু ডায়েনা শইকীয়াৰ গীতৰ শৰাইৰে সাংস্কৃতিক সন্ধিয়াৰ অনুস্থানৰ সামৰণি পৰিব বুলি সম্পাদক ইন্টাজুল হকে জানিব দি অনুস্থানৰ সমূহ কাৰ্য্যসূচীতে ৰাইজৰ সহায় সহযোগীতা আৰু উপস্থিতিৰ কামনা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close