অসম

শিৱসাগৰত এতিয়াও চলি আছে নিষিদ্ধ গুটখা-চিখৰৰ ৰমৰমীয়া বেহা,কুম্ভকৰ্ণ নিদ্দাত সংশ্লিষ্ট বিভাগ

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰ জিলাত জিলা দণ্ডাধিশে গোটখা, চিখৰ, জৰ্দ্দা, ধপাঁত জাতীয় নিচাযুক্ত দ্ৰব্যৰ ওপৰত যোগান বা বিক্ৰী ক্ষেত্রত নিষেধাজ্ঞা জাৰি থোৱাৰ পাছতো এটা প্ৰভাৱশালী চক্ৰই ৰমৰমীয়া ব্যৱসায় চলাই আছে। চৰকাৰী বা আদালতক ভেঙুচালি কৰি আদালতৰ নিষিদ্ধ নিৰ্দ্দেশনা থকাৰ পাছতো কি সাহসেৰে এই বেহা চলাই আছে তাকলৈ চাঞ্চল্য সৃষ্টি হৈছে শিৱসাগৰত।আজি তেনে এজন ব্যৱসায়িক হাতে-লোটে ধৰাৰ পৰা সাৰিল এই প্ৰতিবেদক অকলশৰীয়া হোৱাৰ বাবেই। ঘটনাৰ বিৱৰণিত শিৱসাগৰ জিলাৰ কালুগাঁও অঞ্চলত আজি বহুদিনৰে পৰাই এই ব্যৱসায় কৰি থকাৰ বিষয়ে অঞ্চটোৰ বিভিন্ন জনে অভিযোগ উত্থাপন কৰি আহিছিল। আজি হঠাৎ তাৰেই প্ৰমাণিত হোৱাৰ পথ মুকলি হৈছিল। কিন্তু প্ৰতিবেদক অকলশৰীয়া সুবিধালে গুটখা ব্যৱসায়িক জন পলাই সাৰিবলৈ সক্ষম হয়। কালুগাঁৱৰ বুলি চিনাকি দিয়া চোৰাং গুটখা ব্যৱসায়িক জনক এই প্ৰতিবদকে ৰবাছোন বুলি কবলৈহে পালে ব্যৱসায়ী জননে প্ৰতিজনক বাইকেৰ মহতিয়াই মই কালুগাৱৰ হে মই চিপচৰ ব্যৱসায়ীহে আদি কৈ পলায়ণ কৰে। বিশেষ সূত্ৰে জানিব পৰা মতে এই অবৈধ তথা নিষিদ্ধ গুটখা ব্যৱসায়টো নগাঁও পৰা নাজিৰা কোনো এক অজ্ঞাত স্থানৰ পৰা এটা বৃহৎ চক্ৰই বিভিন্নজনৰ যোগে শিৱসাগৰ জিলাখনত অবাধ গতিৰে নিষেধাজ্ঞ থকাৰ পাছতো গাঁও অঞ্চলত ৰমৰমিয়া ব্যৱসায় চলাই থকা বিষয়টোৱে আচয্যজনক বিষয় ৰূপে চিহ্নিত হৈছে। এতিয়া বিভিন্ন জনৰ মাজত প্ৰশ্ন অসম চৰকাৰে কাগজতেহে নিৰ্মূল কৰিব পাৰিব নেকি দুৰ্নীতি সমুহ? নে ই অসমৰ সৰ্বসাধাৰণৰ জনগণক আভুৱা ভৰা এক কৌশল। শিৱসাগৰ আৱকাৰী বিভাগে চলিত মাহলৈকে জিলাখনত ৯৩ টা গোছৰ আৰু ৪৪ জনক গ্ৰপ্তাৰ কৰি চমক সৃষ্টি কৰাৰ সময়তে গাঁৱে গাঁৱে চাৰি পাঁচোটা বৃহৎ বেগ ওলমাই বাইকেৰ মুকলিকৈ জিলা দণ্ডাধিশৰ আদালতৰ নিষিদ্ধ নিশেধাজ্ঞ জাৰি কৰা গুটখা ব্যৱসায় চলাই থকা বিষয়টো এতিয়া এক সাঁথৰত পৰিণত ।

Related Articles

Leave a Reply

Close