অসম

শিৱসাগৰ জিলাতো আৰম্ভ হ’ব আধাৰ কাৰ্ড প্ৰদানৰ কাম

প্ৰথম খবৰ, শিৱসাগৰ: সঘনে সৰ্বসাধাৰণৰ জনসাধাৰণৰ মাজত সৃষ্টি কৰি অহা কিছু কিছু সময়ত হতাশৰ মাজত ডুব গৈ সাহ হুমুনিয়াহ কাৰণ হৈ পৰা আধা কাৰ্ডৰ ব্যৱস্থা শিৱসাগৰত আৰম্ভ হ’ব । অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ GAG (A)141/2015/156 নং চিঠিৰ যোগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিবে শিৱসাগৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰি এই ক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখযোগ্য যে, AADHAR ( Targeted Delivery of Financial and other Subsides Benefits and Services) Act 2016 ৰ জৰিয়তে ভাৰতৰ প্ৰতিজন বাসিন্দাকে এক সুকীয়া চিনাক্তযুক্ত নম্বৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু অসমৰ বিভিন্ন জিলাত আধাৰ কাৰ্ড প্ৰদানৰ কাম সম্পূৰ্ণ হৈ নুঠিল বাবেই অসমৰ প্ৰায় জিলাত বহু আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈ নানান অসুবিধা সন্মুখীন হ’ব লগা হৈছে অসমৰ প্ৰায় সংখ্যক জিলাৰ জনসাধাৰণে। প্ৰনিধানযোগ্য যে, এই আইনখনৰ ৯ নং ধাৰা অনুসৰি আধাৰ নম্বৰ প্ৰদানে কোনো অধিকাৰ বা নাগৰিকত্ব বা স্থানীয় বাসিন্দাৰ প্ৰমাণ কৰাটোৰ সুবিধা প্ৰদান নকৰে বুলি স্পষ্ট কৰিছে। আনহাতে আধাৰ কাৰ্ড পাবৰ বাবে অসমত বসবাস কৰা সকলো বাসিন্দাই অথাৎ যি সকলৰ পৰিচয় পত্ৰ, বাসস্থানৰ প্ৰমাণ, সমন্ধৰ প্ৰমাণ পত্ৰ আছে তেওঁলোক সকলোকে সামৰি লোৱা হ’ব বুলিও নিৰ্দেশটোত স্পষ্ট কৰিছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে পঞ্জীয়ক হিচাপে কাম কৰিব। আধাৰ পঞ্জীয়ন সফল ৰূপে পৰিচালিত কৰিবৰ বাবে জিলা উপায়ুক্তসকলে জিলা কাৰ্য্যকৰী বিষয়া হিচাপে কাম কৰিব। শিৱসাগৰ জিলাত ইতিমধ্যে আধাৰ পঞ্জীয়নৰ বাবে ১০০ টা পঞ্জীয়ন কেন্দ্ৰৰ বাবে অসম চৰকাৰৰ পৰা অনুমোদন বিচৰা হৈছে। আৰু এই সকলো আধাৰ পঞ্জীয়ন সম্পকীয় কাম কাজ চোৱা চিতাৰ সম্পূৰ্ণ দায়িত্ব শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদিত দাসক নডেল বিষয়া হিচাপে জাননী জাৰি কৰা হৈছে। আনহাতে অতি শীঘ্ৰেই চৰকাৰে নডেল বিষয়া সকলক আধাৰ সম্পকীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব আৰু তাৰ পাছৰ পৰাই জনসাধাৰণৰ মাজত আধাৰ প্ৰদানৰ কাম ক্ষীপ্ৰতাৰে কৰিব বুলি জিলা জনসংযোগ বিষয়া শাৰদী গগৈয়ে এক প্ৰেছ বাৰ্তা যোগ জানিবলৈ দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close