অসম

শিৱসাগৰ বাকচুত দিচাং নদীৰ ভয়াৱহ ৰূপ, চপৰা চপৰে খহিছে দিচাং নদীৰ মাথাউৰি

প্ৰথম খবৰ, নাজিৰা: ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা নৈ উপনৈ সমূহে ভয়াৱহ ৰূপ ধাৰণ কৰি থকা সময়তে শিৱসাগৰ জিলাৰ বাকচুত দিচাং নদীৰ মাথাউৰি চপৰা চপৰে খহি পৰাত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজে। উল্লেখ্য যে, ৰাজ্যত কিছুদিন ধৰি মুষলধাৰ বৰষুণৰ ফলত নদী সমূহৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি ভয়াৱহ ৰূপ লৈছে। ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ বিশেষকৈ শিৱসাগৰ জিলাৰ একাংশ বিষয়া কৰ্মচাৰীৰ গা এৰা দিয়া মনোভাৱৰ বাবে নৈ পৰীয়া ৰাইজে বিনীদ্ৰ ৰজনীত দিন অতিবাহিত কৰিব লগীয়া হৈছে। বাকচু মাউট গাঁৱত দিচাং নদীয়ে বছৰ বছৰ ধৰি গৰাখহনীয়া অব্যাহত ৰাখিছে যদিও অদ্যপৰিমিত জলসম্পদ বিভাগৰ লগতে জিলা প্ৰশাসনে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। চপৰা চপৰে গৰা খহি থকাৰ ফলত জিলাখনৰ প্ৰায় এশৰো অধিক গাঁও দিচাং নদীৰ কবলত পৰাৰ ঘনীভূত হৈ পৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়েও ৩১ মাৰ্চৰ ভিতৰত ৰাজ্যৰ সকলো শোচনীয় মথাউৰি নিৰ্মাণৰ আশ্বাস দিছিল যদিও এতিয়া সকলো যেন ফোটোকাৰ ফেনলৈ হে পৰিণত হ’ল। এতিয়া উপায়ন্তৰ হৈ বাকচুবাসীয়ে ত্ৰাহিমধুসুদন দেখি আহিছে যদিও সমষ্টিৰ বিধায়ক জনৰো কাণসাৰ নোহোৱাত ক্ষোভিত হৈ পৰিছে নৈপৰীয়া ৰাইজ।

Related Articles

Leave a Reply

Close