অসম

শোনিতপুৰৰ জিলা উপায়ুক্তৰ সংবাদমেল : ১৬১ গাঁও বানৰ কৱলত, ৩ গৰাকী সন্ধানহীন

প্ৰথম খবৰ,তেজপুৰ: বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে শোণিতপুৰ জিলা। জিলাখনৰ ১৬১খন গাঁও বৰ্তমান বানৰ কবলত। এই তথ্য জিলা উপায়ুক্ত মনোজ কুমাৰ ডেকাৰ। আজি জিলা উপায়ুক্তই সংবাদমেল আয়োজন কৰি লগতে কয় যে হৈ যোৱা বানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১,০২,৬৩১ জন লোক ক্ষতিগ্ৰস্ত হৈছে লগতে তিনিজন লোক বানত উটি গৈছে ৷ লোক কেইজন হৈচে পৰেশ স্বৰ্গীয়াৰী, জ্যোতিমা দেৱী আৰু চালিমা খাতুন। বানাক্ৰান্ত সকলৰ বাবে খাদ্য সামগ্ৰী ব্যৱস্থা কৰা বুলিও মন্তব্য কৰিছে উপায়ুক্ত গৰাকীয়ে ৷ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এককাল পৰ্য্যন্ত পানী উঠাত যাতায়াত ব্যাহত হৈ পৰিছে বুলিও উপায়ুক্ত জনে উল্লেখ কৰি কয় যে ৰাইজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ৰাইজক সহযোগিতাৰো কামনা কৰে। জিলা প্ৰসাশনৰ তৰফৰ পৰা পশু খাদ্য,খাদ্য সামগ্ৰী, ঔষধ বিতৰণ কৰিছে বুলি জানিব পৰা গৈছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close