অসম

শ্বহীদ বিজু স্বৰোপোৱাৰ বাসগৃহত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, লগতে বুজ ললে শিঙৰা নদীৰ বান পৰিস্থিতি 

প্ৰথম খবৰ, লালুক: আজি পুৱা ৮ বজাত লখিমপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ প্ৰদান বৰুৱা  ৩০ জুন তাৰিখে মনিপুৰত সন্ত্ৰাসবাদীৰ বোমা বিষ্ফোৰণত অকাল মৃত্যুক সাৱটি লোৱা নাওবৈছা সমষ্টিৰ অন্তৰ্গত লথৌ গাঁৱৰ নিবাসী অসম ৰাইফলচৰ শ্বহীদ জোৱান বিজু স্বৰোপোৱাৰ বাসগৃহত উপস্থিত হয়। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। সাংসদ গৰাকীয়ে বিজু স্বৰোপোৱাৰ কনমানি সন্তানক দেখি দুখত ভাগি পৰিল। ইয়াৰ পাছত আজি দুপৰীয়া ভাগত লখিমপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ প্ৰদান বৰুৱাই নাওবৈছা সমষ্টিৰ অন্তৰ্গত যোৱা কিছুদিনৰ পৰা সন্ত্ৰাস সৃষ্টি কৰি থকা শিঙৰা নদীৰ বান পৰিস্থিতি বুজ লয়। তেওঁ আজি ৰাতিপুৱাৰ পৰা নাওঁবৈচাৰ বানাক্ৰান্তৰ মাজত উপস্থিত থাকি বানাক্ৰান্তৰ সমস্যা সুবিধা অসুবিধাৰ বুজ লোৱাৰ লগতে অনাগত দিনবোৰত চৰকাৰৰ ফালৰ পৰা সকলোধৰণৰ সহায় সহযোগিতা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে। তেওঁ আজি শিঙৰা নদীয়ে বিভীষিকা সৃষ্টি কৰা দ’লহাট, শালমৰা, গড়চিগা, পকনীয়া ঘাট, পোটাবিল আদি বিভিন্ন অঞ্চলৰ বানবিধ্বস্ত এলেকা পৰিভ্ৰমণ কৰে আৰু ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লয় আৰু অতি সোনকালেই চৰকাৰে তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হ’ব বুলি মতপোষণ কৰে।

Related Articles

Leave a Reply

Close