অসম

শ্ৰীৰামপুৰৰ ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ ৰে’ল ষ্টেচনৰ অধিনস্থ ১৮৪/৩-৪ নং কি:মি: খুঁটাৰ মাজত আজি দুপৰীয়া এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়৷ জানিব পৰা মতে, আজি দুপৰিয়া প্ৰায় ১২.৩০ বজাত স্থানীয় ৰাইজে ৰে’লপথৰ সমীপত এটা মৃতদেহ প্ৰত্যক্ষ কৰি ৰে’ল আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত ৰে’ল আৰক্ষীৰ এটি দল উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মতণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে ৷ আদিবাসী মহিলা গৰাকীৰ পিন্ধনত সেউজীয়া চুৰীদাৰ আৰু বগা পাইজমা আছিল। চুলি চুটিকৈ কটা মহিলা গৰাকীৰ এই পৰ্য্যন্ত প্ৰকৃত পৰিচয় উদ্ধাৰ হোৱা নাই যদিও নামনি মুৱা দ্ৰুত বেগী কোনো এখন ৰে’লৰ পৰা পৰিয়ে মহিলা গৰাকীৰ কৰুণ মৃত্যু সংঘটিত হোৱা বুলি ধাৰণা কৰিছে যদিও মহিলা গৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷

 

Related Articles

Leave a Reply

Close