অসম

সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ যোগেদি ৰাজ্যিক পুৰাতত্ব বিভাগলৈ স্মাৰক পত্ৰ প্ৰেৰণ

প্ৰথম খবৰ, শিমলুগুৰি: বুৰঞ্জীপ্ৰসিদ্ধ শিৱসাগৰ অন্যতম ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্নসমূহ। এই কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্দ্ধনৰ অভাৱত জহিখহি যোৱাৰ উপক্ৰম ঘটিছে। ইয়াৰ উদাহৰণস্বৰূপে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ শিমলুগুৰি নগৰত অৱস্থিত তেতেলিগুৰি অঞ্চলত তিনিটাকৈ মৈদাম আছে। এই মৈদামকেইটা সংৰক্ষণৰ অভাৱত বেদখলকাৰীৰ কবলত পৰাৰ লগতে তাৰে এটা মৈদাম দিখৌ নৈৰ গড়াখহনীয়াত বিলীন হ’বলৈ বেছি পৰ নাই। এই ক্ষেত্ৰত পুৰাতত্ব বিভাগটোৱে মৈদামকেইটা সংৰক্ষণৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসম শিমলুগুৰি আঞ্চলিক সমিতিয়ে বিভাগটোৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। লগতে ইতিহাস প্ৰসিদ্ধ মৈদামকেইটা বেদখলমুক্ত কৰাৰ লগতে দিখৌ নৈৰ গড়াখহনীয়াৰ পৰা মুক্ত কৰিবৰ বাবে অতি সোনকালে বিভাগটোক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে তেওঁলোকে দাবী জনাইছে। অন্যথা পৰিষদে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি অভিজিৎ গগৈ আৰু সাধাৰণ সম্পাদক প্ৰণৱ সন্দিকৈৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Close