অসম

সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্ন

প্ৰথম খবৰ, টীয়ক: জ্যোতি সংগীত ভাৰতী বিদ্যালয়, টীয়কৰ উদ্যোগত ৭ জুলাইৰ পৰা গুৱালগাঁৱত অনুস্থিত হোৱা সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সামৰণি অনুস্থান বিশাল আয়োজনেৰে সুধাকন্ঠ ড° ভূপেন হাজৰিকা সোৱৰণী প্ৰেক্ষাগৃহত অনুস্থিত হয়৷ এই অনুস্থানতেই পদ্মশ্ৰী যতীন গোস্বামীদেৱক আহবায়ক সমিতিৰ লগতে আৱিষ্কাৰ যুৱ মঞ্চ, অণিৰ্বান সাংস্কৃতিক গোষ্ঠী, অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজ, টীয়ক প্ৰেছ ক্লাব, অসম নাট্য সন্মিলন, টীয়ক শাখাকে ধৰি কুৰিটাৰো অধিক অনুষ্ঠানে বিপুল সম্বৰ্ধনা জনায়৷ ৮৫ বছৰ বয়সতো নৃত্যাচাৰ্য যতীন গোস্বামীদেৱে নৃত্য চৰ্চা কৰি থকা বিষয়টোয়ে সকলোৰে দৃষ্টি নিবদ্ধ কৰিছে৷ সত্ৰীয়া নৃত্যৰ প্ৰতি থকা আন্তৰিকতাই ইয়াকে প্ৰতিমান কৰে৷ এই অনুষ্ঠানতেই জ্যোতি সংগীত ভাৰতী বিদ্যালয়ৰ অধ্যক্ষা পূণ্য দোলাকাষৰীয়া বাইদেউকো আদৰণি জনায়৷ ৮ দিনীয়া কৰ্মশালাৰ অন্তত প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা কৃষ্ণ নৃত্য, ৰজাঘৰীয়া চালিনৃত্য, ঝুমুৰা নৃত্য প্ৰদৰ্শন কৰা হয়৷ এই অনুষ্ঠানৰ আঁত ধৰে সমীৰণ বৰঠাকুৰে৷ এই অনুষ্ঠানত টীয়ক অঞ্চলৰ বহুকেইগৰাকী গণ্যমাণ্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷

Related Articles

Leave a Reply

Close