অসম

সদৌ অসম আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্থাৰ সাধাৰণ সভাৰ আয়োজন

প্ৰথম খবৰ,চাংসাৰি: আজি সদৌ অসম আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্থাৰ সভাপতি আব্দুৰ ৰাজিব, কাৰ্য্যকৰী সভাপতি মণ্টুকুমাৰ ভূঞা, উপ সভাপতি হাশ্বেম আলী খান, যুটীয়া সম্পাদক বিনোদ বাসুমতাৰী আৰু তনু সিংহাই তেওঁলোকৰ সংস্থাৰ এখন সাধাৰণ সভা আয়োজনৰ সম্পৰ্কে এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে। প্ৰকাশিত প্ৰেছ বিজ্ঞপ্তি যোগে জানিব পৰা অনুসৰি অহা ইংৰাজী ১৬ জুলাই দেওবাৰে দিনৰ ১০ বজাত সদৌ অসম আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্থাই গুৱাহাটীস্থিত চান্দমাৰী শিক্ষক ভৱনত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰাৰ কাৰণে আয়োজন কৰিছে । উক্ত সভাত আবাসিক কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ, সংস্থাটোৰ পূৰ্ণাংগ সমিতি গঠন আৰু সংস্থাটোৰ দ্বাৰা অনাগত দিনত কি আৰু কেনে ধৰণৰ কাৰ্য্যপন্থা গ্ৰহণ কৰা হব তাৰ বিষয়ে আলোচনাকে ধৰি বিভিন্ন সম্পৰ্কে আলোচনা কৰা হব বুলি সংস্থাটোৰ সভাপতি আব্দুৰ ৰাজিব ডাঙৰীয়াই সংবাদ মাধ্যমক জানিবলৈ দিছে। সেয়েহে উক্ত সভাত অসমৰ ৯৬ খন কেন্দ্ৰৰ সকলো কৰ্মীকে উপস্থিত থকাৰ বাবে সংস্থাৰ বিষয়ববীয়া সকলে অনুৰোধ জনোৱাৰ লগতে ৯৫০৮১৩৭১৪২ নম্বৰত যোগাযোগ কৰিবলৈ সংবাদ মাধ্যম যোগে আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close