অসম

সুপৰিচিত শিল্পী কিৰণ জ্যোতি হাজৰিকাৰ দেহাৱসান

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰং তুলিকাৰে ছবি আঁকি ভাল পোৱা, কবিতা-গদ্য লিখি আৰু সমাজৰ কামত সহযোগিতা আগবঢ়াই ভাল পোৱা এজন সুপৰিচিত শিল্পী হ’ল কিৰণ জ্যোতি হাজৰিকা। নৰ্থ ইষ্ট আৰ্ট একাডেমী, বাটৰ কেনভাচৰ সক্ৰিয় সদস্য কিৰণ জ্যোতি হাজৰিকাই জীৱন নাটৰ সামৰণি মাৰে শ্বিলঙত অনুষ্ঠিত এটি অনুষ্ঠানত ভাগ ল’বৰ বাবে তিনিচুকীয়াৰ পৰা ৰেলেৰে কৰা যাত্ৰা পথত হৃদযন্ত্ৰ বন্ধ হৈ চাপৰমুখ ৰেলৱে ষ্টেচনত ২জুলাই তাৰিখে। তেওঁ এৰি গ’ল ৫ বছৰীয়া এগৰাকী কন্যা সন্তান, ৪মহীয়া পুত্ৰ সহিতে তেওঁৰ জীৱন সঙ্গীনিক। মৃত্যুৰ পিছত তেখেতেৰ পৰিয়াল, সন্তানৰ প্ৰতি কি দায়িত্ব হ’ব, কেনে ধৰণৰ পদক্ষেপ লোৱা যাব তাক লৈয়ে এতিয়া গঠন কৰা হৈছে “কিৰণজ্যোতি হাজৰিজা সুহৃদ সংঘ “।তেখেতৰ পৰিয়াল তথা তেওঁৰ জীৱন কালত তেখেতৰ সৃষ্টিবোৰ অ’ত ত’ত সিচঁৰিতি হৈ থকা সমূহ একগোট কৰাৰ বাবে প্ৰয়োজন হ’ব কিছু অৰ্থৰ। গতিকে আপোনালোক সকলোকে কিছু পৰিমাণে হ’লেও এই ক্ষেত্ৰত অকণমান সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হ’ল। বিস্তৃত জানিবলৈ উক্ত নম্বৰত যোগোযোগ কৰিবলৈ অনুৰোধ জনোৱা হ’ল- ৯৯৫৪৮২৭৬৮৪,৮৭২১০৫১১০৫,৮৮১২০৮৯৮০৯।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close