অসম

সোণাৰিত এজনক আটক

প্ৰথম খবৰ,সোণাৰি:সোণাৰিত সমবায় সমিতিৰ চেয়াৰমেনক প্ৰহাৰ কৰা বিজেপি কৰ্মী ডিম্বেশ্বৰ দৈমাৰিক আটক সোণাৰিৰ আৰক্ষীৰ। উল্লেখ্য যে কালি বিজেপি কৰ্মীজনে চৰাইদেউ জিলাৰ পূৱ অভয়পুৰ সমবায় সমিতিৰ চেয়াৰমেন লক্ষী গগৈক সমবায় সমিতিৰ কাৰ্যালয়তে প্ৰহাৰ কৰা বুলি চেয়াৰমেন জনে সোণাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।ঘটনাৰ সন্দৰ্ভত সোণাৰি আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ৪৪৮/৩৫২/২৯৪/৩৪ ধাৰাৰ অধিনত ১৪৬/১৭ এক গোচৰ ৰজু কৰি আজি আটক কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Close