অসমশীৰ্ষ

সোনাৰী চাপৰিৰ কেঁকুৰী গাঁও পঞ্চায়তৰ ২০ খনতকৈও অধিক গাঁও এতিয়া জলবন্দী

প্ৰথম খবৰ, ঢকুৱাখনা: ধাৰাষাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাহিছে চাম্পৰা লগতে চাৰিকড়ীয়া নৈৰ। ঢকুৱাখনা মহকুমা অন্তৰ্গত সোনাৰী চাপৰিৰ কেঁকুৰী গাঁও পঞ্চায়তৰ ২০ খনতকৈও অধিক গাঁও এতিয়া জলবন্দী হৈ পৰিছে। এতিয়া চাৰিকড়ীয়াৰ কোবাল সোঁত বৈ থকাত কিছু কিছু অংশত পথটোৰ চিঙি পেলোৱাটো প্ৰায় নিশ্চিত। গাঁওবাসীয়ে এতিয়া দিন-ৰাতি উজাগৰে কটাবলগীয়া হৈছে। চৰকাৰৰ কোনো এজন বিষয়া-কৰ্মচাৰী উপস্থিত নোহোৱাত এতিয়া গাঁওবাসী চিন্তিত হৈ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close