অসম

স্বচ্ছ ভাৰত আৰু অনাময়ৰ নামত দুৰ্নীতি অভিযোগ গোৰেশ্বৰত

 

প্ৰথম খবৰ, গোৰেশ্বৰ: স্বচ্ছ ভাৰত আৰু অনাময়ৰ নামত চৰকাৰৰ কোটিটকীয়া বিজ্ঞাপন, প্ৰচাৰ। ঘৰে ঘৰে শৌচালয় বনাই দিয়া, জয়ঢোল বজোৱা চৰকাৰে আচলতে কিদৰে কাম কৰিছে গ্ৰামাঞ্চলত।অনাময় আঁচনিৰ জৰিয়তে গাঁৱে গাঁৱে প্ৰতিঘৰতে বিনামূলীয়াকৈ নিৰ্মান কৰি দিয়া শৌচালয়বোৰ ঠিকাদাৰে কিদৰে নিৰ্মান কৰিছে? কিমান নিৰাপদ এনে চৰকাৰী আঁচনিৰ ঘৰবোৰ? বিভাগীয় বিষয়াই কিদৰে পৰিচালনা কৰিছে ঠিকাদাৰ বা এনে কামবোৰ।
১২০০০ (বাৰহাজাৰ ) টকাৰ চৰকাৰী আঁচনিত নিৰ্মাণ হৈ থকা শৌচালয়বোৰৰ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে। এন জি অৰ নামত শৌচালয় নিৰ্মান কৰা ঠিকাদাৰে কৰা নিম্নমানৰ কামৰ বাবে ৰাইজ ক্ষুব্ধ হৈ ভাঙি দিছে এনে শৌচালয়।
বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰফুকনখাটত অনাময় আঁচনিৰ দ্বাৰা শৌচালয় নিৰ্মাণত সংঘটিত হৈছে ব্যাপক খেলিমেলি। বাৰ হাজাৰ টকাৰে নিৰ্মাণ কৰা এনে নিৰ্মাণকাৰ্য দেখিলে সকলোৰে চকু কপালত উঠিব। ভৰিৰে নহয়, হাতেৰেও ভাঙিব পৰা নিম্নমানৰ ইটাৰে নিৰ্মাণ কৰা এনে শৌচালয়বোৰ আকৌ হাতেৰে লৰাই দিলেই খহি পৰা বিধৰ। তিনি ইঞ্চিৰ গাঁঠনিৰে ইটাক আকৌ এক বেগ চিমেণ্টেৰে গাঁঠিবলগীয়া হোৱাত এনে ভংগুৰ নিৰ্মাণ হাতেৰে ঠেলি দিলেও ভাঙি পৰে। আচাৰ্যজনকভাৱে নিৰ্মাণ কৰা মিস্ত্ৰীয়ে গাঁওবাসীৰ চোতালতে মাটিৰ ওপৰত বালি শিল মিশ্ৰন কৰি পকী কৰিলে গাঁওখনৰ কেইবাটাও শৌচালয়। ঠিকাদাৰে হেনো মচলা মাৰিবলৈ যোগান ধৰা নাই প্লেণ্টচীট বা প্লাষ্টিক। খোদ মিস্ত্ৰীৰ ভাষ্য এনেদৰে নিৰ্মাণ কৰা শৌচালয় বেছিদিন নিটিকে। কেৱল মুনাফাৰ লোভতে ঠিকা লোৱা এনে ঠিকাদাৰৰ কাম কাজবোৰ পৰ্যবেক্ষন কৰিবলৈ বিভাগীয় লোক নহাৰ ফলতে যে এনেদৰে দুৰ্নীতি সংঘটিত কৰিবলৈ সাহস গোটাইছে সেয়া স্পষ্ট বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close