অসম

সৰ্থেবাৰীত মুকলি হ’ল প্ৰধানমন্ত্ৰীৰ জন ঔষধি কেন্দ্ৰ

প্ৰথম খবৰ, সৰ্থেবাৰী: সৰ্থেবাৰী অঞ্চলৰ বাবে এক সুখবৰ। জি এচ টিক লৈ দেশত হৈ-ছৈ সৃষ্টি হোৱাৰ সময়তে সৰ্থেবাৰীৰ সৰ্বসাধাৰণ লোকৰ বাবে আশাৰ বতৰা কঢ়িয়াই আজি সৰ্থেবাৰীত মুকলি হ’ল প্ৰধানমন্ত্ৰীৰ জন ঔষধি কেন্দ্ৰ। উল্লেখ্য যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃঢ় পদক্ষেপত প্ৰয়োগ হোৱা প্ৰধানমন্ত্ৰীৰ ভাৰতীয় জন ঔষধি যোজনাৰ অধীনত ভিন্ন প্ৰান্তত স্থাপন কৰা হৈছে জন ঔষধি কেন্দ্ৰ। এই কেন্দ্ৰত অতি সুলভ মূল্যত জীৱন দায়িনী ঔষধ উপলদ্ধ হ’ব। ৫০ ৰ পৰা ৯০ শতাংশ হাৰত ৰেহাই মুল্যত লাভ কৰিব জীৱন দায়িনী ঔষধ। টকাৰ অভাৱত ঔষধ নোখোৱাকৈ প্ৰাণ এৰিব লগীয়া দৰিদ্ৰ লোকৰ বাবে সঁচাকৈয়ে এক আশাৰ খবৰ। সৰ্থেবাৰীৰ পেট্ৰ’ল পাম্পৰ কাষত আজি খোলা হৈছে এই কেন্দ্ৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close