অসম

হাওৰাঘাটত চৰকাৰী কৰ্মচাৰীৰ কৰ্ম-সংস্কৃতিৰ নমুনা দেখি ক্ষুব্ধ জনপ্ৰতিনিধি: চৰকাৰী কাৰ্যালয়ত এম এ চি খনছিং ৰংপিৰ চাডেন ভিজিট

প্ৰথম খবৰ, হাওৰাঘাট: এইবাৰ দুৰ্নীতি-অনিয়মৰ ভূস্বৰ্গ কাৰ্বি আংলঙত বলীউডৰ অনিল কাপুৰৰ ৰূপত হাওৰাঘাটৰ স্থানীয় এম এ চি খনছিং ৰংপি ৷ দুপৰীয়া ১২ বজালৈও কাৰ্যালয়ত ভৰি নিদিয়া কৰ্মচাৰীৰ বিৰুদ্ধে হঠাৎ সৰৱ হৈ পৰে হাওৰাঘাট উন্নয়ন খণ্ডত বুধবাৰে চাডেন ভিজিট দিয়া স্থানীয় জনপ্ৰতিনিধি খনছিং ৰংপি ৷ আজি চৰকাৰী কৰ্মচাৰীৰ কৰ্ম-সংস্কৃতিৰ নমুনা দেখি স্তম্ভিত হৈ পৰে স্থানীয় জনপ্ৰতিনিধিজন ৷ সময় তেতিয়া দিনৰ ১১- ৪৫ ৷ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ত নাই কৰ্মচাৰী। আন নালাগে… বিডিঅ’ চাহাবো আহি পোৱা নাছিল কাৰ্যালয়ত ৷ পিছে কাৰ্যালয়ত উপস্থিত হাওৰাঘাট পৰিষদীয় সমষ্টিৰ নৱ-নিৰ্বাচিত এম এ চি খনছিং ৰংপি ৷ কৰ্মচাৰীৰ এই হেন নমুনা দেখি হতবাক হৈ পৰে তেওঁ। পিছে ১২ বজালৈ একাংশ কৰ্মচাৰী আহিহে আছিল৷ কাৰোবাৰ গা বেয়া কোনোজন হেনো চাইডত গৈছিল ৷ এয়া উদাহৰণহে… কাৰ্বি আংলঙৰ বহু চৰকাৰী কাৰ্যালয়ত সম্প্ৰতি এনে দৃশ্যই সুলভ ৷ পিছে খনছিং ৰংপিৰ এনে Sudden Visit ৰ পিছত কৰ্মচাৰীৰ কৰ্ম-সংস্কৃতিৰ নমুনা কিমান সলনি হয় সেয়া নিশ্চিতভাৱে লক্ষণীয় হ’ব ৷

Related Articles

Leave a Reply

Close