অসমশীৰ্ষ

হাওৰাঘাটত প্ৰচণ্ড ৰ’দৰ মাজতে পকী ৰাজপথ ফাটি হুৰা-হুৰে ওলাইছে পানী

প্ৰথম খবৰ, হাওৰাঘাট: ওচৰে-পাজৰে পানীৰ কোনো চিন-চাপ নাই,  নাই বৰষুণ৷ যেনিয়ে চাই মাথোঁ ৰ’দৰ ভয়ংকৰ উত্তাপ৷ এক কথাত ৰ’দৰ উত্তাপত দহিছে সৰ্বজন। কিন্তু ইয়াৰ মাজতে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত ঘটিছে আজৱ ঘটনা৷

সোমবাৰে ভৰ দুপৰীয়া ব্যস্ত পকী ৰাজপথৰ যেনিয়ে তেনিয়ে ফাটি ওলাইছে পানী৷ মুহূৰ্ততে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল৷ নিজে নিজেই চপৰা-চপৰে খহিছে পথছোৱা। হাওৰাঘাট নগৰৰ মাজমজিয়াত পুলিচ পইন্টৰ ওচৰতে সংঘটিত হৈছে এই ঘটনা৷

ঘটনা কাণ বাগৰাৰ লগে লগে অজস্ৰ কৌতুহলী জনতাই ভিৰ কৰিছে ঘটনাস্থলীত৷ আহিল আৰক্ষীও৷ ঘটনাটোৱে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পথচাৰীৰ সুৰক্ষা তথা ঘটনাৰ ৰহস্য উদ্ঘাটনৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক অনতিবিলম্বে পথচোৱা খননৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close