অসম

হিমন্ত বিশ্ব শৰ্মা পলায়নবাদী কিয়? সাংবাদিকৰ সন্মুখত চাংসাৰিত হিমন্তৰ ন’ কমেণ্ট

প্ৰথম খবৰ, চাংসাৰি: কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ চাংসাৰিত আজি আবেলি দ্বিতীয়বাৰলৈ উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৪ৰ্থ বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সৰ্বা চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে দ্বিতীয় বাৰলৈ চাংসাৰিত পদাৰ্পণ কৰিলে যদিও সেয়া মাত্ৰ কেৱল বিজেপিৰ চাংসাৰিস্থিত কাৰ্যালয়তহে।

পূৰ্বতে হিমন্ত বিশ্ব শৰ্মা আহিলে চাংসাৰিত যিমান প্ৰচাৰ কৰা হৈছিল আজিকালি সেয়া হোৱা দেখা নাযায়, মন্ত্ৰীৰাকী  আহিলে গমকে নাপায় চাংসাৰিৰ সাধাৰণ ৰাইজে। গম পায় মাথোঁ বিজেপিৰ পালিনেতা আৰু কৰ্মীয়ে। যাৰ বাবে বৃহত্তৰ চাংসাৰিৰ ৰাইজৰ একাংশই মন্ত্ৰী হিমন্ত বৰ্তমান ৰাইজৰ প্ৰতিনিধি নে কেৱল মাত্ৰ বিজেপিৰহে প্ৰতিনিধি ইয়াক লৈ নানা প্ৰশ্ন উত্থাপন হৈছে।

আজি চাংসাৰিৰ বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ ডঃ শৰ্মাই কিছু আঁচনিৰ সন্দৰ্ভত উপস্থিত বিজেপি কৰ্মীক অৱগত কৰাই কিছু সংখ্যক ব্যক্তিৰপৰা তেওঁলোকৰ কিছুমান আবেদন পত্ৰও গ্ৰহণ কৰে।

কাৰ্যালয়ত উপস্থিত একাংশই এনেদৰেও মন্তব্য কৰে যে এইবিলাক পত্ৰ মন্ত্ৰীগৰাকীক দি কোনো লাভ নাই। বিশেষভাৱে লগ কৰি পত্ৰ দিব নোৱাৰিলে কোনো কামত নাহে বুলি কৈ সেইবোৰ জাবৰৰ দামত পেলোৱা কাগজহে হ’ব বুলি মত প্ৰকাশ কৰে।

মন্ত্ৰী হিমন্ত বিশ্বই কিছু কৰ্মীৰ সৈতে মত বিনিময় কৰি যাবলৈ ওলোৱাৰ মুহূৰ্তত সাংবাদিকৰ নানা প্ৰশ্নৰ সন্মুখীন হয়। অসমৰ পৰা দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদি মুক্ত কৰিম বুলি ৰাইজক যি প্ৰতিশ্ৰুতি দি যিখন মিত্ৰজোঁট চৰকাৰে শাসনৰ গাদীত বহিছিল সেইখন চৰকাৰৰ বিজেপি, এজিপি কৰ্মী আৰু নেতাই যে এতিয়া নানা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত লিপ্ত হৈ আছে তেওঁলোকৰ ওপৰত বিজেপিয়ে কেনে ধৰণৰ স্থিতি গ্ৰহণ কৰিব বা তুলিৰাম ৰংহাং, কমলা কলিতা আদিৰ সন্দৰ্ভত সোধা সাংবাদিকৰ নানান প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰাও বিৰত থাকে জালুকবাৰীৰ বিধায়ক তথা মন্ত্ৰী গৰাকীয়ে।

সাংবাদিকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰত তেওঁ মাত্ৰ ন’ কমেণ্ট, আইডিয়া নাই আদি কৈ পলায়নবাদী মনোভাৱ গ্ৰহণ কৰে। সাংবাদিকৰ সন্মুখত কিবা ওলট পালট কথা ক’লে চৰকাৰৰ মুখা খোল খাব বুলিয়েই হয়তো হিমন্তই মুখ নুখুলিলে বুলি সৰব চৰ্চা কৰে সেই স্থানত উপস্থিত প্ৰত্যক্ষ দৰ্শী একাংশ জনতাই।

হিমন্ত বিশ্ব শৰ্মাৰ গমনৰ পিছত কালি শুৱালকুছিৰ ৪ কোটি টকীয়া সূতা কেলেংকাৰীৰ সন্দৰ্ভত হোৱা ৰাইজমেলত হিমন্ত বিশ্বক ৰাইজে জনোৱা উপস্থিতিৰ প্ৰত্যাহ্বানক উপেক্ষা কৰাৰ কথাও উপস্থিত একাংশৰ মাজত সমালোচিত হয়।

Related Articles

Leave a Reply

Close