বিনোদনশীৰ্ষ

হেপ্পী বাৰ্থডে প্ৰিয়ংকা চোপ্ৰা

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: তামিল ছবি থামিজানেৰে ছবিজগতত পদাৰ্পন কৰি তেওঁ ২০০৩ চনত “দা হিৰো” ৰ জৰিয়তে বলীউডত অভিষেক ঘটোৱা প্ৰিয়ংকা চোপ্ৰাৰ আজি জন্মদিন। ১৯৮২ চনৰ ১৮ জুলাইত ঝাৰখণ্ডৰ জামছেদপুৰত প্ৰিয়ংকা চোপ্ৰাৰ জন্ম। তেওঁৰ দেউতাক ডঃ অশোক চোপ্ৰা আৰু মাক ডঃ মধু চোপ্ৰা দুয়ো ভাৰতীয় সেনাবাহিনীৰ চিকিৎসক আছিল। তেওঁৰ  দেউতাক হাৰিয়ানাৰ আম্বালা জিলাৰ এটা পাঞ্জাৱী পৰিয়ালৰ আছিল আৰু মাক আছিল জামছেদপুৰৰ বিহাৰী কায়স্থ পৰিয়ালৰ। প্ৰিয়ংকাৰ তেওঁতকৈ সাত বছৰে সৰু সিদ্ধাৰ্থ নামৰ ভাতৃ এজনো আছে। অভিনেত্ৰী পৰিনীতি চোপ্ৰা তেওঁৰ সম্বন্ধীয় ভগ্নী।

অভিনয় জগতত খোজ পেলোৱাৰ আগতে তেওঁ মডেল হিচাপে কাম কৰে আৰু ২০০৮ চনত মিছ ৱৰ্ল্ড খিতাপ জয় কৰি জনপ্ৰিয়তা লাভ কৰে। বৰ্তমানলৈকে তেওঁ এটা ৰাষ্ট্ৰীয় পুৰস্কাৰ আৰু চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।

তেওঁ এতৰাজ, মুঝছে শাদী কৰোগী, ক্ৰিশ্ব, ডন আদি চলচ্চিত্ৰত অভিনয় কৰি সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে। ২০০৮ চনত তেওঁৰ কেৰিয়াৰে এক নতুন মোৰ লয় যেতিয়া তেওঁ ফেশ্বন ছবিত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ আৰু ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। তাৰ পিছত তেওঁ কমিনে, হোৱাট্‌ছ ইয়’ৰ ৰাশি আৰু সাত খুন মাফত অভিনয় কৰে যাৰ বাবে তেওঁ ফিল্মফেয়াৰ সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে। এনেকৈয়ে তেওঁ বলীউডত এক শীৰ্ষমানৰ প্ৰতিভাৱান অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে তেওঁ।

ফটো প্ৰিয়ংকা চোপ্ৰাৰ টুইটাৰ একাউণ্টৰপৰা।

চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ দূৰদৰ্শন আৰু মঞ্চতো অভিনয় কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় সংবাদপত্ৰত স্তম্ভ লিখনৰ উপৰিও তেওঁ দান-বৰঙনিমূলক কামতো জড়িত। তেওঁক ভাৰতৰ সবাতোকৈ জনপ্ৰিয় চেলিব্ৰেটীসমূহৰ ভিতৰত এগৰাকী হিচাপে আখ্যা দিয়া হয়।

২০০৪ চনত চোপ্ৰাই “প্লেন”, “কিস্মত” আৰু “অসম্ভৱ”ত অভিনয় কৰে যিকেইখন বক্স অফিচত বিফল হয়। এই বছৰৰ শেষৰ ফালে তেওঁ ডেভিদ ধাৱানৰ হাস্যমধুৰ ছবি “মুঝছে শাদী কৰোগি”ত চলমান খান আৰু অক্ষয় কুমাৰৰ বিপৰীতে ৰাণী নামৰ কম বয়সীয়া ফেশ্বন ডিজাইনাৰ এগৰাকীৰ চৰিত্ৰত অভিনয় কৰে। এই ছবিখন বছৰটিত তৃতীয় সৰ্বাধিক উপাৰ্জন কৰে।ইয়াৰ পিছত তেওঁ আব্বাচ মস্তানৰ থ্ৰিলাৰ ছবি “এতৰাজ”ত অক্ষয় কুমাৰ আৰু কৰীণা কাপুৰৰ লগত অভিনয় কৰে। ইয়াত তেওঁ প্ৰথমবাৰৰ বাবে ঋণাত্মক চৰিত্ৰত অভিনয় কৰে আৰু তেওঁৰ অভিনয় প্ৰশংসিত হয়। ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ খলনায়িকাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে আৰু শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰে। তৰণ আদৰ্শই লিখিছে “এতৰাজ সম্পূৰ্ণভাৱে প্ৰিয়ংকা চোপ্ৰাৰ। ইয়াত দ্বিমত নাই। লাগিলে সেয়া কাহিনীত তেওঁৰ প্ৰথম প্ৰৱেশ হওঁক অথবা সেই দৃশ্যটি যত তেঁও মুকলিকৈ অক্ষয় কুমাৰক যৌনতাৰ প্ৰস্তাৱ দিয়ে অথবা কৰীণাৰ সৈতেই হঁওক, প্ৰিয়ংকাই নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ পূৰ্ণ সুযোগ পায় আৰু তেনে কৰোঁতে তেওঁ চৰিত্ৰটো সম্পূৰ্ণভাৱে বুজি লয়।”

আশুতোষ গোৱাৰিকৰৰ ছবি “হোৱাট্ছ য়ৰ ৰাশি?” ত সম্পূৰ্ণ ১২ টা বেলেগ বেলেগ চৰিত্ৰত অভিনয় কৰি গীণিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰে। এই চলচ্চিত্ৰখন ফ্লপ হয় যদিও চোপ্ৰাৰ অভিনয় সফল হয়।

চোপ্ৰাই প্ৰায়েই বিভিন্ন সাক্ষাৎকাৰত গান গাবলৈ তেওঁৰ মনত থকা প্ৰবল হাবিয়াসৰ কথা প্ৰকাশ কৰি আহিছে আৰু খিতাপ জয়ৰ কালছোৱাত নিজৰ গায়কী প্ৰতিভা ব্যৱহাৰো কৰিছে।

তেওঁ কয় “মই সংগীত ভাল পাওঁ কাৰণ মই ইয়াৰ লগতেই ডাঙৰ দীঘল হৈছোঁ আৰু মোৰ দেউতালৈ ধন্যবাদ যিয়ে গান গাই ভাল পায়। আমি ৰাতিপুৱা গান শুনিয়েই সাৰ পাওঁ। মই পঢ়িবলৈ জনাৰ আগতেই গান গাবলৈ হে জানিছিলোঁ”।

বিশ্বজুৰি তেওঁৰ সংগীত কেৰিয়াৰ পৰিচালনা কৰিবলৈ চোপ্ৰাই এটম ফেক্টৰীৰ চি.ই.অ’ ট্ৰয় কাৰ্টাৰক নিযুক্ত কৰিছে।উল্লেখনীয় যে এওঁ লেডী গাগাৰো প্ৰবন্ধক। তেওঁ কয় “মোৰ বহুদিনীয়া এক সপোন বাস্তৱায়িত হোৱাৰ পথত।মোৰ সংগীতক বিশ্বৰ দৰবাৰত উপস্থাপন কৰিবলৈ পাই মই খুবেই উৎসাহিত।”

প্ৰিয়ংকাৰ জন্ম জামছেদপুৰত। ৩৫ বছৰ গ'ল প্ৰিয়ংকাৰ, ১৯৮২ চনৰ ১৮ জুলাইত জন্ম

এৰ'নেটিকেল ইঞ্জিনিয়াৰিং পঢ়িছিল প্ৰিয়ংকাই।

২০০০ চনত বিশ্ব সুন্দৰীৰ খিতাপ অৰ্জন কৰিছিল।

বলীউদৰ প্ৰথম ছবি দা হিৰ', ২০০৩ চনত মুক্তি লাভ কৰিছিল।

ফেছন ছবিখন কৰি ফিল্ম ফেয়াৰ আৰু নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছ এই দুটা বঁটা লাভ কৰিছিল।

২০১৫ চনৰ পৰা আমেৰিকান নেটৱৰ্ক ছিৰিজৰ কুৱাণ্টিক'ত অভিনয় কৰিবলৈ আৰম্ভ কৰিলে।

বিগত ১০ বছৰৰ পৰা ইউনিচেফৰ লগত জড়িত হৈ আছে প্ৰিয়ংকাই। লগতে ইউনিচেফৰ গুডউইল এম্বেচেদৰ ফৰ চাইল্ড ৰাইটছ হিচাপেও চুক্তিবদ্ধ হৈছিল অভিনেত্ৰী গৰাকী।

বৰ্তমানলৈ ৩টা গীতত অকলে কণ্ঠদান কৰিছে প্ৰিয়ংকাই।

পাৰ্পল পেবল পিক্সাৰ্চ নামৰ নিজা প্ৰডাকচন হাউচ আছে প্ৰিয়ংকাৰ।                       

২০১৬ চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল প্ৰিয়ংকাই

Related Articles

Leave a Reply

Close