ৰহঘৰা

হেৰোৱা দমৰা

নৈ পাৰত পেটুকনকাই আৰু ঠুনুকী পেহী। কঠালগুৰী গাওঁৰ বিখ্যাত প্ৰেমিক যুগলৰ ভেলেন্টাইন ডেৰ নৈপৰীয়া বাৰ্তালাপ….

ঠুনুকী: তুমি কিয় আজি মোলৈ এনেকৈ চাই আছা?
পেটু: তোমাৰ চকুত মই সন্ধিয়াৰ আকাশৰ তিৰবিৰাই থকা তৰাবোৰ দেখা পাইছো।
ঠুনুকী: ইছছছছ….আৰু কি কি দেখিছা?
পেটু: তোমাৰ চকুত মই নীলাভ সাগৰৰ ঢৌবোৰ দেখা পাইছো সোণজনী।
ঠুনুকী: ইছছছছ….আৰু কি কি দেখিছা?
পেটু: তোমাৰ চকুত মই নৈ,নিজৰা,সাগৰ,পাহাৰ সকলোবোৰেই দেখা পাইছো।
(তেনেতে পিছফালে ৰৈ সিহতৰ কথা শুনি থকা নন্দেশ্বৰ বৰপিতায়ে তপৰাই মাত লগালে)
নন্দেশ্বৰ: বোলো হেৰি নহয় বোপাই….তাইৰ চকুত মোৰ হেৰুৱা দমৰা গৰুটো দেখ নেকি চাচোন চা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close