অসম

হোজাইত ৬৮ তম বন মহোৎসৱ

প্ৰথম খবৰ, হোজাই: হোজাইত বন বিভাগৰ উদ্যোগত আজি ৬৮তম বন মহোৎসৱ পালন কৰা হয়। সেই উপলক্ষে হোজাইৰ কপিলী উপত্যকা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনস্থ কোমৰাকটা সংৰক্ষিত বনাঞ্চলৰ ২ হেক্টৰ ভূমিত ৫ হেজাৰ গছপুলি ৰোপণ কৰে বন বিভাগে। এই বৃক্ষৰোপন কাৰ্যসূচীত উত্তৰ অসম চক্ৰৰ বন সংৰক্ষক বিষয়া পি শিৱকুমাৰ, হোজাইৰ উপায়ুক্ত ডঃ এছ লষ্মনন, আৰক্ষী অধীক্ষক দেৱজিৎ মুখাৰ্জী, ডি এফ অ শ্বফিকুৰ ৰহমান, ৰেঞ্জাৰ হৃদয় হাজৰিকা, ৰঞ্জিত ৰাজখোৱা সহ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰি গছ পুলি ৰোপণ কৰে। অন্যহাতে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰা বিষয়া সকলক বন বিভাগ আৰু স্থানীয় ৰাইজৰ ফালৰ পৰা গামোচাৰে সম্বধৰ্ণাও জনোৱা হয়। ইফালে বিষয়া সকলে গছ পুলি ৰোপণৰ ক্ষেত্ৰত ল’বলগা কেতবোৰ নিয়মাৱলী সন্দৰ্ভতো বহলাই বাখ্যা কৰে। লগতে গছ গছনি সংৰক্ষণৰ বাবে ৰাইজক আহ্বান জনাই এটা গছ কাটিলে দহটা গছ ৰোপণৰ পৰামৰ্শ আগবঢ়ায় বনাঞ্চলত গছ-গছনি থাকিলে হাতীৰ উপদ্ৰৱ কমিব বুলিও ব্যক্ত কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close