শীৰ্ষৰাষ্ট্ৰীয়

১৯৪৭তো জীয়াই আছিল নেতাজী! ফৰাচী নথিয়ে সৃষ্টি কৰিছে চাঞ্চল্য

প্ৰথম খবৰ, নেচনেল ডেস্ক: নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু সম্পৰ্কে বিতৰ্কৰ অন্ত নাই। তিনিবাৰকৈ আয়োগ-কমিটী গঠন কৰাৰ পিছতো নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু সম্পৰ্কে নতুন নতুন বিতৰ্কৰ সূত্ৰপাত ঘটিয়ে আছে। শেহতীয়াভাৱে পেৰিছৰ ইতিহাসবিদ জে বি পি মোৰে উন্মোচন কৰা এক গোপন ফৰাচী নথিয়ে পুনৰ নতুন বিতৰ্কৰ সূচনা ঘটাইছে।

ফৰাচী ইতিহাসবিদজনে দাবী কৰিছিল যে বিতৰ্কিত বিমান দুৰ্ঘটনাত মৃত্যু হোৱা নাছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ। তেওঁ দাবী কৰিছে যে ১৯৪৭ চন পৰ্যন্ত জীয়াই আছিল তেওঁ। সমসাময়িক ফৰাচী চৰকাৰৰ এক নথিৰ মতে ১৯৪৭ চনৰ ১১ ডিচেম্বৰত ফ্ৰান্স চৰকাৰে তেওঁক লৈ সংশয় প্ৰকাশ কৰা হৈছিল। ইয়াৰ অৰ্থ হৈছে ১৯৪৭ চনৰ ১১ ডিচেম্বৰ পৰ্যন্ত জীয়াই আছিল তেওঁ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close