অসম

৭ খন ৰাজহ গাঁৱৰ বহি:জগতৰ সৈতে সংযোগ বিচ্ছিন্ন : বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে উটুৱাই নিলে মাৰ্ঘেৰিটা মহকুমাৰ মানমৌ-নংলাই বাঁহৰ দলং

প্ৰথম খবৰ,মাৰ্ঘেৰিটা: যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে বুঢ়ীদিহিঙৰ লগতে ইয়াৰ উপনৈসমূহৰ পানীয়ে এই নৈসমূহৰ কাষৰীয়া গাঁওসমূহৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰাৰ লগতে যোগাযোগ ব্যৱস্থা ব্যাহত কৰি তুলিছে । অাজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে মানমৌ নংলাই গাঁও অাৰু কেটতং সংযোগী পথত থকা বাঁহৰ দলঙখন উটুৱাই নিয়াৰ ফলত মানমৌ নংলাই গাঁৱৰ লগতে ইয়াৰ কাষৰীয়া ৭ খন ৰাজহ গাঁৱৰ বহি:জগতৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰিছে । ফলত এই গাঁওকেইখনৰ প্ৰায় ২৫০০ মানুহৰ জনজীৱন প্ৰভাৱিত হৈছে । তাৰোপৰি অানটো পাৰৰ কৃষকসমুহে এই দলঙখনৰ বাবে পথাৰলৈ যাব পৰা নাই । গাঁওকেইখনৰ ছাত্ৰ-ছাত্ৰী সকলো এই দলঙখন উটুৱাই নিয়াৰ ফলত বিদ্যালয়লৈ যাবলৈ সক্ষম হোৱা নাই । এই পৰ্যন্ত প্ৰশাসনৰ তৰফৰ পৰা কোনো পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় গ্ৰামাঞ্চলৰ লোক সকল ক্ষুণ্ণ হৈ পৰিছে। উল্লেখ যে বিগত ১৫ বছৰে কংগ্ৰেছৰ চৰকাৰ থকা অৱস্থাত মাৰ্ঘেৰিটাৰ মানমৌ নংলাই গাঁও অাৰু কেটতং সংযোগী পথত থকা বাঁহৰ দলঙখন পকী কৰণৰ ব্যৱস্থা গ্ৰহণৰ ফলত এই অঞ্চলৰ লোক সকলে যথেষ্ট কষ্ট ভোগ কৰিব লগা অৱস্থাৰ সৃষ্টি হৈ আহিছে। আনহাতে পৰিৱৰ্তন শ্লোগানেৰে শাসনৰ গাদীত বহা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনে এই পৰ্যন্ত বিশেষ গ্ৰামাঞ্চলৰ বাট পথ ভঙা দলং নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম নোহোৱাটো অতি দুৰ্ভাগ্যজনক বুলি স্থানীয় গাঁওবাসীয়ে মন্তব্য প্ৰকাশ কৰিছে । অনতিপলমে মানমৌ নংলাই গাঁও অাৰু কেটতং সংযোগী পথত থকা বাঁহৰ দলঙখন নিৰ্মাণ কৰি গাঁওবাসী ৰাইজৰ দুৰৱস্থাৰ পৰা মুক্তি দিবলৈ দাবী জনাইছে। অন্যহাতে আজি বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে মানমৌ নংলাই গাঁও অাৰু কেটতং সংযোগী পথত থকা বাঁহৰ দলঙখন উটুৱাই নিয়াৰ ফলত মানমৌ নংলাই গাঁৱৰ লগতে ইয়াৰ কাষৰীয়া ৭ খন ৰাজহ গাঁৱৰ বহি:জগতৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ থকা অৱস্থাতাৰ পৰা তাৎক্ষণিক ভাৱে সাংসদ ৰামেশ্বৰ তেলী , স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে মহকুমা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ’ব। উল্লেখ যে এই দলং খন ক’ল ইণ্ডিয়াৰ স্থানীয় অঞ্চল উন্নয়ন আঁচনিৰ অধীনত নিৰ্মাণ কৰি দিয়া কথা আছিল যদিও এই পৰ্যন্ত বিভাগীয় কাৰণত সম্ভৱ হৈ উঠা নাই ফলত প্ৰতিবছৰে এই অঞ্চলৰ গঞা ৰাইজে স্বাধীনতাৰ ৭০ বছৰ পাছতো দুৰ্ভোগ ভোগ কৰিব লগা হৈছে ।

Related Articles

Leave a Reply

Close