অসম

ৰঙানদী জলবিদ্যুৎ প্ৰকল্প ভাঙি পেলোৱাৰ দাবীত লখিমপুৰত আছুৰ অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ, লখিমপুৰ: লখিমপুৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত লোকক উপযুক্ত ক্ষতিপূৰণ, খাদ্য, চিকিৎসা সেৱা, বিশুদ্ধ খোৱাপানী, শিশু খাদ্য আৰু পশু খাদ্য যোগান ধৰাৰ লগতে ৰঙানদীৰ প্ৰলয়ংকাৰী বানৰ সৃষ্টিকাৰী নীপকোৱে পৰিকল্পিতভাৱে পানী এৰি দিয়াৰ প্ৰতিবাদত আজি উত্তৰ লখিমপুৰ নগৰৰ শ্বহীদ বাকৰিত সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই দুই ঘন্টিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে স্বাধীনতাৰ ৬৯ বছৰেও অসমৰ জলন্ত বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰাটো দুর্ভাগ্যজনক বুলি উল্লেখ কৰি অসমৰ শেহতীয়া বান পৰিস্থিতিৰে মোকাবিলা কৰিবৰ বাবে কেন্দ্রীয় চৰকাৰক ৫০০০ কোটি টকাৰ বিশেষ পেকেজ মুকলি কৰাৰো দাবী জনায়। আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে লগতে ৰঙানদী জলবিদ্যুৎ প্ৰকল্প শীঘ্ৰে ভাঙি পেলোৱাৰ লগতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ বন্ধ কৰাৰ দাবী জনায়। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক কৃষ্ণ দাস, সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ কোঁৱৰ, সাধাৰণ সম্পাদক পুলক বৰা, লখিমপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক তিলেশ্বৰ বৰা, লখিমপুৰ চিটিজেন ফ’ৰামৰ সম্পাদক চিৰাজুল ইছলাম হাজৰিকা, অসমীয়া প্ৰতিদিন কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক হাৰনুল ৰচিদ, পিচিপিডিৰ সভাপতি অৰূপ কলিতাসহ বহুকেইগৰাকী বিশিষ্ট নাগৰিক, জিলা ছাত্ৰ সন্থা, মহকুমা ছাত্ৰ সন্থা আৰু বিভিন্ন আঞ্চলিক ছাত্ৰ সংস্থাৰ বিষয়ববীয়া আৰু সদস্যই অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close