অসমবিনোদন

ৰবীন্দ্ৰ ভৱনত দেৱশিশুৰ হাঁহিৰ কোলাহল

নিউজ ডেস্ক, প্ৰথম খবৰ: গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আজি অনুষ্ঠিত কৰা হ’ল পুতলা নাটৰ। যান্ত্ৰিকতাৰ মাজত পাহৰণিৰ গৰ্ভত সোমাবলৈ ধৰা পুতলা নাচ নাইবা নাটক আকৌ এবাৰ শিশুৰ মনোৰঞ্জনৰ বাবে আগবঢ়োৱা “সুৰজিত একাডেমী”ৰ এই পদক্ষেপ শলাগীবলগীয়া। বিগত ১৪ বছৰেই এনেধৰণে পুতলা নাটৰ আয়োজন কৰি আহিছে “সুৰজিত একাডেমী”য়ে। কিন্তু চলিত বৰ্ষৰ পুতলা নাটৰ বিশেষত্ব হ’ল এইবাৰ ৰাজ্য চৰকাৰে সহায় কৰিছে একাডেমীখনক। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে অসমৰ ঐতিহ্যমণ্ডিত পুতলা নাচ বা পুতলা নাটক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আগলৈও যিকোনো ধৰণৰ সহায় আগবঢ়াবলৈ সাজু বুলি অৱগত কৰে। ৰবীন্দ্ৰ ভৱনত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে এই পুতলা নাটে। শিশুৰ বাবে আগবঢ়োৱা নাট দুখন হ’ল ক্ৰমে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত তেজীমলা আৰু সোণৰ কণী পৰা হাঁহ।  ইয়াৰ লগত পুতলা নাচৰো প্ৰদৰ্শন কৰে উদ্যোক্তাসকলে। নৃত্যৰ মূল আকৰ্ষণ হ’ল তিৱা নাচ আৰু বড়ো নৃত্য নাইবা বাগৰুম্বা। শিশুসকলৰ বাবে আগবঢ়োৱা পুতলা নাট আৰু নাচৰ পৰিচালনা কৰে বিনীতা দেৱী আৰু সীমান্ত শৰ্মাই। সংগীত ব্যৱস্থাপনা কৰে পাপু গোহাঁইৰ লগতে বহুকেইজন কলা-কুশলীয়ে পুতলা নাট প্ৰদৰ্শনত সহায় কৰে। অনুষ্ঠানটোত উপস্থিত থকা শিশুসকলৰ লগতে প্ৰতিজন দৰ্শকেই শলাগে “সুৰজিত একাডেমী”ৰ কৰ্মকৰ্তাক।

Related Articles

Leave a Reply

Close