অসম

ৰহা সমষ্টিৰ জুৰিপাৰ পঞ্চাতৰ বিজেপি কৰ্মীৰ সংবাদ মেল, বিধায়ক ডিম্বেশ্বৰ দাসক ৰক্ষণাবেক্ষণ বিজেপি কৰ্মীৰ

প্ৰথম খবৰ, কামপুৰ: ৰাজ্যত ভয়াৱহ ৰূপত দেখা দিছে বান আৰু খহনীয়া সমস্যাই। নগাঁও জিলাৰ ৰহা সমষ্টিৰ কপিলী আৰু বৰপানী নৈয়ে কালৰূপ লৈ থকা থকাৰ সময়তে বিধায়ক ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। আক্ৰান্তিত লোকসকলক সকাহ দিবলৈ বিধায়ক জনে কোনো ধৰণৰ আঁচনি লবলৈ সক্ষম নোহোৱা অভিযোগ উঠিছে। যাৰ কাৰণে সমষ্টিটোৰ জুৰিপাৰ পঞ্চায়তৰ লোক সকলে নিজে হাতত কোৰ পাচি লৈ নিজাকে মাথাউৰি নিৰ্মাণত নামি যায়। ইয়াতে লজ্জিত বোধ কৰি সংবাদ মেলৰ আয়োজন কৰে বিজেপি কৰ্মী সকলে। সমষ্টি উন্নয়ন কৰিব ৰহা সমষ্টিৰ বিধায়ক। ডিম্বশ্বৰ দাসক ৰক্ষণাবেক্ষণ দিবলৈ ওলাই আহিছে একাংশ বিজেপি কৰ্মী। ৰহা সমষ্টিৰ জুৰিপাৰত এখন সংবাদ মেলৰ আয়োজন কৰি বিজেপি কৰ্মী সকলে বিধায়ক জনৰ বিৰুদ্ধে একাংশই অনাহকত বিৰুদ্ধাচৰণ কৰি বিধায়কৰ ভাৱমুৰ্ত্তি বিনষ্ট কৰা বুলি উল্লেখ কৰে। এই ক্ষেত্ৰত বিধায়ক জনৰ বিৰুদ্ধাচৰণ কৰা সকলক দুষ্কৃতিকাৰীও আখ্যা দিয়ে বিজেপি কৰ্মীসকলে। বিধায়ক জনে এটা বছৰতে সমষ্টিটোৰ বহু উন্নয়ন কৰা বুলি মন্তব্য কৰে।

Related Articles

Leave a Reply

Close