অসমশীৰ্ষ

ৰাজ্যৰ দুটা চৰকাৰী বিভাগৰ মাজত শীতল যুদ্ধ

প্ৰসংগ: শিল বালিৰ নাটনি- কোন সঁচা, কোন মিছা; গড়কাপ্তানী মন্ত্ৰীয়ে কয় এটা, বন মন্ত্ৰীয়ে কয় আন এটা

নিউজ ডেস্ক, প্ৰথম খবৰ: দুটা চৰকাৰী বিভাগ। এই বিভাগ দুটাৰ মাজত চলিছে এখন অঘোষিত যুদ্ধ। ক’ব খুজিছোঁ গড়কাপ্তানী আৰু বন বিভাগৰ মাজত চলা শীতল যুদ্ধখনৰ কথা। প্ৰকৃততে ৰাজ্যত বাট পথ মেৰামতিৰ বাবে শিল বালি আছেনে নাই তাকলৈয়েই শেহতীয়াকৈ বিভাগ দুটাৰ মাজত আৰম্ভ হৈছে বাদ-বিবাদ। শুকুৰবাৰে শিল বালিৰ কৃত্ৰিম নাটনিৰ বাবেহে কাম স্থবিৰ হৈ আছে বুলি মন্তব্য কৰিছিল গড়কাপ্তানী ঠিকাদাৰ সন্থাই। তাৰ পিছ মুহূৰ্ততে সেয়া অস্বীকাৰ কৰিছিল বন মন্ত্ৰীয়ে।

আজি পুনৰ ঠিকাদাৰ সন্থাৰ লগত সুৰ মিলাই গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কলে- “হয় শিল বালিৰ অভাৱ আছে। যাৰ বাবে কাম কৰিব পৰা নাই  গড়কাপ্তানীয়ে। ঠিকাদাৰে দুগুণ দাম দি শিল বালি কিনিবলগীয়া হৈছে।”

ইয়াৰ পিছতেই সংবাদমেলত সৰৱ হৈ পৰে বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম। তেওঁৰ মতে গৰকাপ্তানিত শিল বালিৰ নাটনি হোৱা নাই। ৰয়েল্টি নিদিয়াৰ বাবেহে যোগান ধৰিব পৰা নাই। অৱশ্যে সাধাৰণ ৰাইজৰ বাবে কিছু নাটনি হৈছিল। সেয়া দূৰ কৰা বাবে ইতিমধ্যে ব্যৱস্থা লোৱা হৈছে। এতিয়া শিল বালিৰ নাটনি নাই। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হল গড়কাপ্তানীয়ে ৰয়েলিটী দিয়া নাই বুলি অভিযোগ কৰিলেও গড়কাপ্তানী মন্ত্ৰীয়ে কিন্তু ৰয়েলিটী দিবলৈ সাজু আছো বুলি মন্তব্য কৰিছে।

দুই মন্ত্ৰীৰ দুটা বিপৰীত ভাষ্যই এতিয়া বিপাঙত পেলাইছে সাধাৰণ ৰাইজকো। আনহাতে শিল আৰু বালিৰ মহলৰ কৰ্তৃত্ব মাইণ্ড এণ্ড মিনাৰেল বিভাগক দিয়াৰ পোষকতা কৰিছে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই। একেখন সংবাদমেলতে বন বিভাগৰ পৰীক্ষা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁৰ মতে একেটা দিনত দুটা পদৰ পৰীক্ষা হ’লেই অসুবিধাত নপৰে পৰীক্ষাৰ্থী। কাৰণ একেখন উত্তৰ বহীতে দিব পাৰিব দুটা পদৰ পৰীক্ষা। প্ৰশ্ন কাকত একেখন হ’ব। একে উত্তৰ বহীতে লিখিব পাৰিব দুয়োটা পদৰ দুটা ৰোল নম্বৰ। উত্তীৰ্ণ হ’লে কোনটোত যাব নিৰ্বাচিত কৰিব পাৰিব প্ৰাৰ্থীয়ে।

Related Articles

Leave a Reply

Close