অসম

ৰুপহীহাটৰপৰা ছাত্ৰ সন্ধানহীন

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁও জিলাৰ ৰুপহীহাট সমষ্টিৰ জুৰীয়া থানৰ অন্তৰ্গত কালিয়াডিংগা হাইস্কুলৰ দশম শ্ৰেণীৰ এজন ছাত্ৰ তিনিদিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে কালিয়াডিংগা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ ৰফিকুল ইছলামে জুৰীয়া বজাৰলৈ অহাৰ উদ্দেশ্য ঘৰৰপৰা যোৱা ১৯ জুলাইৰ দিনা  চাইকেলেৰে ওলাই আহিছিল।

কিন্তু আজিলৈ ঘৰ নোপোৱাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক। নিৰুদ্দেশ হোৱা ছাত্ৰজনৰ পৰিয়ালে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰাৰ পিছত ক’তো সন্ধান নাপাই আজি জুৰীয়া আৰক্ষী থানাত নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰে। পৰিয়ালৰ লোকে ছাত্ৰজন কোনো দুষ্ট চক্ৰৰ কবলত পৰিছে বুলি সন্দেহ প্ৰকাশ কৰি আৰক্ষীৰ কাষ চাপিছে। কোনো সদাশয় লোকে ছাত্ৰজনৰ কিবা সম্ভেদ পালে পৰিয়ালৰ ম’বাইল নম্বৰ ৯৬৭৮০০৩৫৬৮ অথবা জুৰীয়া আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে৷

Related Articles

Leave a Reply

Close