অসম

ৰূপহী কলেজত মহিলা সবলিকৰণ আৰু মহিলা শিক্ষাৰ বিকাশ সম্পৰ্কে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ সম্পন্ন

প্ৰথম খবৰ, ৰূপহীহাট: উত্তৰ নগাঁওৰ একমাত্ৰ অগ্ৰণী উচ্চশিক্ষাৰ প্ৰতিষ্ঠান ৰূপহী কলেজৰ শিক্ষাবিভাগৰ উদ্যোগত বিশ্ববিদ্যালয অনুদান আয়োগৰ অৰ্থসাহায্যৰে যোৱা ২৮ আৰু ২৯ জুনত ‘WOMEN EMPOWERMENT AND CHANGING SCENARIO OF WOMEN EDUCATION IN NORTH-EAST INDIA’ শীৰ্ষক ৰাষ্টীয় পৰ্যায়ৰ এখনি আলোচনা চক্ৰ সম্পন্ন হয় ৷আলোচনা চক্ৰখনিৰ মুখ্য উদ্দেশ্য ব্যাখ্যা কৰে ৰূপহী কলেজৰ শিক্ষা বিভাগৰ সহযোগী অধ্যাপক তথা আলোচনাচক্ৰৰ সাংগঠনিক সম্পাদক আনোৱাৰ ছিদ্দিকে আৰু উদ্বোধনী ভাষণ আগবঢ়ায় কলেজৰ অধ্যক্ষ ড০ ভূবনানন্দ পাটনায়কে ৷ৰূপহী কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমানৰ কলেজ পৰিচালনা সমিতিৰ সভাপতি আলহাজ লুতফুৰ ৰহমানৰ সঞ্চালনাত অনুষ্ঠিত সভাত আলোচনা চক্ৰৰ মুখ্য অথিতি হিচাপে ভাষণ প্ৰদান কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক মহেন্দ্ৰ আহোম দেৱে ৷মূল বিষয়ৰ বস্তৰ ওপৰত সংগতি ৰাখি(key note address)বক্তব্য আগবঢ়ায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগী অধ্যাপক ড০ দুলমনি গোস্বামী দেৱে ৷ আলোচনা চক্ৰখনিৰ দুয়ো দিনৰ কাৰ্য্যসূচীত দ্বৈত সত্ৰত (parallel session)ত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কলেজৰ ১০৭ গৰাকী গৱেষকে তেওঁলোকৰ সাৰগৰ্ব গৱেষণা পত্ৰ পাঠ কৰে ৷উক্ত সত্ৰ সমূহত পৰিচালক তথা সমল ব্যক্তি হিচাপে কাৰ্য্যপৰিচালনা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ, সহকাৰী অধ্যাপক ড০ দুলুমনি গোস্বামী’ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্ত্ৰী শিক্ষা বিভাগৰ সহযোগী অধ্যাপক পলি ভকলিন’ তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ সহকাৰী অধ্যাপক ড০ শৰ্মিষ্ঠা দাস’ নগাঁও কলেজ অৱ এডুকেচনৰ অধ্যক্ষ মনশিখা বৰুৱা’ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰবক্তা ড০ লুৎফুন বৰুল শইকীয়া’ নগাঁও শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষাবিভাগৰ সহকাৰী অধ্যাপক ড০ ত্ৰিবেণী শইকীয়া আৰু ধিং কলেজৰ অৱসৰপ্ৰাপ্ত শিক্ষাবিভাগৰ অধ্যাপক আব্দুছ ছালাম উপস্থিত থাকি বিস্তৃত ব্যাখ্যা দাঙি ধৰে ৷সভাৰ শেষত ৰূপহী কলেজৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা আলোচনা চক্ৰৰ সমন্বযক ৰিযাজুল হকে ধন্যবাদ জ্ঞাপন কৰে |

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close