অসম

ৰেলৱে কৰ্মচাৰীৰ সুৰক্ষাৰ দাবীত নিশা উত্তপ্ত পৰিস্থিতি মৰিয়নিত

প্ৰথম খবৰ, মৰিয়নি: দেওবাৰে নিশা হঠাৎ প্ৰতিবাদমুখৰ হৈ পৰে মৰিয়নিৰ ৰেল কৰ্মচাৰী। ৰেল কৰ্মচাৰীক সুৰক্ষা প্ৰদানৰ দাবীত মৰিয়নি জংচনৰ প্লেটফৰ্মত বিভিন্ন শ্লোগানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে এন এফ আৰ employee union কৰ্মকর্তাই।
দেওবাৰে নিশা ফৰকাটিং ৰেলৱে জংচনত কৰ্তব্যৰত ৰেলৰ চালক সুজিত কুমাৰ গুৰুতৰভাৱে আহত হয় কোনো অচিনাক্ত দুৰ্বৃত্তৰ  হাতত। খাদ্য সামগ্ৰীয়ে পৰিপূৰ্ণ ৰেলখনৰ গতিপথ সলনি ( sunting) কৰি থকা অৱস্থাত হঠাতে কোনো অচিনাক্ত দুৰ্বৃত্তই অতৰ্কিতে শিল নিক্ষেপ কৰে চালকলৈ লক্ষ কৰি। শিলৰ আঘাতত গুৰুত্বৰভাৱে আহত হয় চালক সুজিত কুমাৰ। ততাতৈয়াকৈ গোলাঘাট অসামৰিক চিকিৎসালয়লৈ নিছিল যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে  ডিব্ৰুগড়লৈ আনিছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত গুৱাহাটীলৈ নিয়া হয় কুমাৰক। এনে এক ঘটনাৰ পাছতো ফৰকাটিং জংচনৰ ষ্টেচন অধীক্ষক দি এন কৈৱত কোনো ধৰণৰ গুৰুত্ব নিদিয়া বুলি অভিযোগ আনি জাঙুৰ খাই উঠে N.F.Rly Employee Union। ইয়াৰ প্ৰতিবাদ স্বৰূপে মৰিয়নি ৰেলৱে জংচনৰ প্লেটফৰ্মত ৰেল কৰ্মচাৰী সকলে না না শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। এই প্ৰতিবাদ খবৰ পাই সহকাৰী মাণ্ডলীক প্ৰবন্ধক দিনবন্ধু সিং ততাতৈয়াকৈ তিনিচুকীয়াৰ পৰা মৰিয়নিত উপস্থিত হয়। প্ৰতিবাদী ৰেল কৰ্মচাৰী লগত এক আলোচনাত মিলিত হয় N.F.RLY EMPLOYE UNION য়ে ৰেল কৰ্মীক নিশ্চিত সুৰক্ষা প্ৰদান তথা দুষ্কৃতিকাৰীক কৰায়ত্ত আৰু কৰ্তব্যৰত ৰেল নিৰাপত্তা বাহিনী কৰ্মচাৰী আৰু ষ্টেচন অধীক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ দাবী উত্থাপন কৰে। সহকাৰী মাণ্ডলীক বিষয়া গৰাকীয়ে তিনিদিনৰ ভিতৰত প্ৰতিবাদ কাৰীৰ  দাবী সমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াত পৰিবেশ শান্ত হয়।

Related Articles

Leave a Reply

Close