অসম

তেজপুৰৰ গৃহৰক্ষীৰ ধৰ্ণা

প্ৰথম খবৰ, তেজপুৰ: দুৰ্নীতি নিমুৰ্ল কৰা মহামন্ত্ৰৰে গাদি লোৱা বিজেপি চৰকাৰখনে দুৰ্নীতি নিৰ্মূল কৰাত কিমান সফল হৈছে তাৰ উদাহৰণ তেজপুৰত থকা গৃহৰক্ষী বিভাগৰ অধিনায়কৰ কাৰ্য্যালয়। ৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্বত থকা গৃহৰক্ষী জোৱান সকলে এতিয়া নিজৰ কৰ্তব্য তথা ডিউটি ল’বলৈ হ’লে দিব লাগে ৫ হেজাৰৰ পৰা ১০ হেজাৰ পৰ্য্যন্ত উৎকোচ। আজি কেইবাশতাধিক গৃহৰক্ষী জোৱানে তেজপুৰ কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসুচী পালন কৰি অধিনায়ক গৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি প্ৰতিবাদী কাৰ্য্যসুচী পালন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close