অসম

তিনিচুকীয়াত বৃহৎ পৰিমানে গাঞ্জা সহ আৱকাৰি বিভাগে আটক কৰে এজন পুৰুষ আৰু মহিলাক

প্ৰথম খবৰ, তিনিচুকীয়া: আজি তিনিচুকীয়া চহৰৰ মাজমজিয়া বজাৰৰ পৰা বৃহৎ পৰিমানে গাঞ্জা সহ আৱকাৰি বিভাগে আটক কৰে এজন পুৰুষ আৰু মহিলাক। জানিব পৰা মতে, আয়ুৱ আলি আৰু চাইৰা বেগম নামৰ এই দুজনে বিগত ২ বছৰৰ পৰা এই ব্যৱসায়ৰ লগত জড়িত। ডিমাপুৰৰ পৰা ৰে’ল যোগে এই বৃহৎ পৰিমানৰ গাঞ্জা তিনিচুকীয়ালৈ সৰবৰাহ কৰা হয়। আজিৰ ঘটনাৰ পাছত ৰে’ল আৰক্ষীৰ ওপৰতো বিভিন্ন প্ৰশ্নৰ উদ্ভৱ হৈছে, কিয়নো ৰে’ল আৰক্ষী চকুৰ ওপৰেদি ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ বিভিন্ন অবৈধ সামগ্ৰী তিনিচুকীয়ালৈ সৰবৰাহ কৰা অতি ৰহস্য জনক বিষয়।

Related Articles

Leave a Reply

Close