অসম

মুছলপুৰত পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক

প্ৰথম খবৰ, মুছলপুৰ: যি সময়ত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মোডেল বিটিচিৰ শ্লোগান দি আহিছে তেনে সময়তে বাক্সা জিলাৰ মুছলপুৰত চৰকাৰী বিভাগলৈ বাট নাচাই ৰাইজে মেৰামতি কৰিলে এটি অতি গুৰুত্ব পূৰ্ণ পথ৷ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত উজিৰবাৰী গাঁৱৰ ৰাস্তাৰ থমনা পৰা উজিৰবাৰী হৈ মুছলপুৰ সংযোগী এই ব্যস্ত পথটো দীৰ্ঘদিন ধৰি যাতায়াতৰ বাবে অনুপযোগী হৈ আছিল। সৰু যান-বাহনো আহিব নোৱাৰে এই পথটোৰ দুৰৱস্থাৰ বাবে। সোমাব নোৱাৰে স্বাস্থ্য সেৱাৰ ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ ৷ ৰাইজে এই পথটোৰ যমৰ যাতনাৰ বিষয়ে স্থানীয় ছাপাগুৰি সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীক বহুদিন অৱগত কৰি আহিছে যদিও এইগৰাকী জনপ্ৰতিনিধিয়ে ৰাইজৰ জলন্ত সমস্যাটো আজিলৈ সমাধান কৰাত গুৰুত্ব নিদিলে৷ ফলত ৰাইজ তথা ছাত্ৰ-ছাত্ৰীয়ে যমৰ যাতনা ভোগ কৰি আহিছে ৷ সেয়ে স্থানীয় উজিৰবাৰীৰ ৰাইজে বৃহস্পতিবাৰে পুৱাই হাতে হাতে কোৰ চাঙি লৈ নিজৰ গাঁঠিৰ ধনেৰে শিল বালি ক্ৰয় কৰি আনি পথ মেৰামতি কৰাত ব্যস্ত হৈ পৰিল৷ কৃষি কৰ্মৰে জীৱন নিৰ্বাহ কৰা এই অঞ্চলৰ ৰাইজে শাওণৰ পথাৰত কৃষি কৰ্মত ব্যস্ত থকাৰ বিপৰীতে পথ মেৰামতি কৰাত ব্যস্ত হৈ থাকিল। উল্লেখ্য যে বিপিএফ ৰাজনৈতিক দলৰ পৰা জয়লাভ কৰা চাপাগুৰি বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী আৰু অবড়ো সুৰক্ষা সমিতিৰ দলৰ পৰা জয়লাভ কৰা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়াই নিৰ্বাচনৰ সময়ত পথ নিৰ্মাণ কৰি দিয়াৰ উপৰি ৰাইজৰ দুখ দুৰ্দশা সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও নিৰ্বাচনত জয়লাভ কৰাৰ পাছত এবাৰো এই সকল ৰাইজে আজি পৰ্যন্ত দেখিবলৈ পোৱা নাই দুয়োজন জনপ্ৰতিনিধিক। যাৰ ফলত ৰাইজে জনপ্ৰতিনিধি আৰু বিভাগীয় কতৃপক্ষক প্ৰত্যাহ্বান জনায় নিজৰ গাঁঠিৰ ধন খৰছ কৰি পথটি মেৰামতি কৰে। লক্ষণীয় বিষয় যে, বাৰিষা এজাক বৰষুণ আহিলে বোকাময় হৈ পৰে এই পথটি যাৰ বাবে কোনোবাৰ বেমাৰ হলে ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ আহিব নোৱাৰে যাৰ ফলত ৰাইজৰ চাঙি বা ঠেলাই এম্বুলেঞ্চ হৈ পৰে। আনফালে ছাত্ৰ-ছাত্ৰী সকলক অভিভাবক সকলে কান্ধৰে দাঙি পাৰ কৰিব লগা হয়। ইতিমধ্য এই পথটিত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ কেবাজনো ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে।  এই দৃশ্য দেখাৰ পিছত মোডেল বিটিচিৰ শ্লোগান দিয়া হাগ্ৰামা মহিলাৰী আৰু উন্নয়নৰ শ্লোগান দিয়া ৰাজ্যচৰকাৰ খনে পথটি মেৰামতি কৰাত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব বুলি প্ৰশ্ন কৰে স্থানীয় ৰাইজে।

Related Articles

Leave a Reply

Close