অসম

কন্ঠশিল্পী ৰূপম ৰাজে আৰ্থিক দুৰাৱস্থাৰ বাবেই লক্ষ্যস্থানৰ প্ৰতিটো খোজতে খাইছে উজুটি : “প্ৰথম খবৰ”ৰ জৰিয়তে সহায় ভিক্ষা

প্ৰথম খবৰ,চেঙা: নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত কচুৱা গাঁওৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী হৈছে ৰূপম ৰাজ। ৰূপম ৰাজৰ সৰুৰে পৰা লক্ষ্য আছিল এগৰাকী কণ্ঠশিল্পী হোৱা। কন্ঠশিল্পীৰূপে হোৱাৰ অযুত সপোন মনতে পুহি ৰাখিছিল। ৰূপমৰ মনৰ কথা বুজি পাই দিন হাজিৰা কৰা দেউতাকে (ৰং মিস্ত্ৰী) আগুৱাই যাবলৈ সাহস দিয়ে ৰূপমক। দেউতাকৰ নিজৰ উপাৰ্জনৰ টকাৰে এটি গিটাৰ কিনি দিয়া বুলি জানিবলৈ দিয়ে ৰূপমে । আৰু তেতিয়াৰ পৰা ৰূপমৰ উৎসাহ দুগুণে বাঢ়িল। এনেকৈয়ে নিজ গাঁওত এটি দুটি গীত গাই আগুৱাই আহিছে । আৰু বৰ্তমানলৈকে ৬০ খনৰো অধিক সংগীতানুষ্ঠানত তেওঁ গীত পৰিবেশন কৰিছে বুলি মন্তব্য দিয়ে লগতে কিছু দিন পূৰ্বে তেওঁৰ নিজৰ কণ্ঠৰ চাৰিটি গীত প্ৰকাশ পোৱা বুলি জনায়। লগতে তেওঁৰ ভিডিঅ এলবাম এটিৰ কাম চলি থকা বুলি কয় । বৰ্তমান ৰূপম ৰাজে কলেজ এৰি সংগীতৰ লগতে ব্যস্ত আৰু আৰ্থিক অৱস্থাই জুৰুলা কৰিছে বুলি কৈ হুকহুকাই কান্দি কান্দি ক’লে- যদিহে কোনোবাই মোক কিছুপৰিমাণে সহায়ৰ হাত আগবঢ়াই তেওঁ কেতিয়াও সেই কৃতজ্ঞতা নাপাহৰে আৰু এদিন সমগ্র অসমতে পৰিচয় দিব পাৰিব ৰূপম ৰাজ কণ্ঠ শিল্পী হিচাপে । ৰূপমৰ মনত প্ৰশ্ন-কিন্তু কোনে কৰিব তেওঁক সহায়? আজিৰ দিনত আছেনে কোনোবা মোৰ দৰেই দুখীয়াক সহায় কৰিব পৰা লোক? সঠিক পথ বিচাৰি পাম বুলি আজি মই নিজেই “প্ৰথম খবৰ”ৰ ওচৰত আহিছো-এই মন্তব্য ৰূপম ৰাজৰ। “প্ৰথম খবৰ”ৰ দ্বাৰাই তেওঁ সমগ্ৰ অসমৰ ৰাইজক জনাব বিচাৰিছে আৰু একমাত্র “প্ৰথম খবৰ”ৰ দ্বাৰাই হে তেওঁ উপকৃত হ’ব বুলি দুৰ্ভগীয়া শিল্পী জনেই অতি দুখেৰে কয় ৷ এইক্ষেত্ৰত কোনো সহৃদয়ৱান লোকে ৰূপমৰাজক সহায় কৰিব বিচাৰিলে ৮৮৭৬৮২৬৯৯, ৮১৩৩০৬৩৩২৫ নম্বৰত যোগাযোগ কৰিব পাৰে ৷

Related Articles

Leave a Reply

Close