অসম

লাকুৱাত আলফাৰ প্ৰতিষ্ঠা দিৱস উদযাপন 

প্ৰথম খবৰ, শিমলুগুৰি: অসমৰ অখণ্ডতা, সংস্কৃতি আৰু একতা ধ্বংস কৰিব বিচৰা সকলো প্ৰৱণতাৰ বিৰুদ্ধে সচেতনতাৰে আৰু সজাগতাৰে এক সুস্থ মতাদৰ্শগত সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ আহব্বানেৰে শ্বহিদৰ ত্যাগক সন্মান জনাই জাতীয় জীৱনত আগবাঢ়ি যোৱাৰ কথা আজি ২৬ তম প্ৰতিষ্ঠা দিৱসত সংযুক্ত মুক্তি বাহিনী অসম ওৰফে আলফাৰ নেতৃত্বই দোহাৰে গোৱালপাৰাত কেন্দ্ৰীয়  ভাৱে উদযাপন কৰাৰ উপৰিও আলফাৰ সকলো কেইটা শিবিৰৰ লগতে চৰাইদেউৰ লাকুৱাস্থ নৱ নিৰ্মাণ কেন্দ্ৰটো উদযাপন কৰা হয়৷ লাকুৱা নৱ নিৰ্মাণ কেন্দ্ৰত পুৱাই পতাকা অৰ্ধনমিত কৰাৰ লগতে শ্বহীদ সকলৰ প্ৰতি পুস্পাঞ্জলি জ্ঞাপন আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায়৷ আলফাৰ ৰাজু বৰুৱা,  অৰ্পণ শইকীয়া আদি নেতাৰ লগতে বহু কেইটা শ্বহীদ পৰিয়ালে শ্ৰদ্ধাঞ্জলি জ্ঞাপন  কৰে৷

Related Articles

Leave a Reply

Close