আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

হাজাৰ ফুট উচ্চতাত জন্ম হ’ল এটি শিশুৰ

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: হাজাৰ ফুট উচ্চতাত এখন উৰন্ত বিমানত সন্তান প্ৰসৱৰ বাতৰি কল্পনা কৰিব পাৰিবনে। এনে এটা ঘটনাই সংঘটিত হ’ল লুফথানছাৰ বিমানত। কলম্বিয়াৰ ব’গ’টাৰপৰা জাৰ্মানীলৈ গৈ থকা এগৰাকী যাত্ৰীয়ে বিমানখনতে প্ৰসৱ কৰিলে সন্তানক। বিমান কৰ্তৃপক্ষই টুইটাৰত স্পষ্ট কৰিছে এই তথ্য।

জানিব পৰা মতে, বিমানতে ডেছলাৱা নামৰ সন্তানসম্ভৱা যাত্ৰীগৰাকীৰ প্ৰসৱ বেদনা আৰম্ভ হয়। লগে লগে বিমানখনৰ পিছৰ অংশত অস্থায়ী ডেলিভাৰী ৰূমলৈ পৰিৱৰ্তন কৰা হয়। বিমানখনৰ কেবিন ক্ৰু আৰু যাত্ৰী হিচাপে থকা তিনিগৰাকী চিকিৎসকে সুকলমে প্ৰসৱ কৰোৱায় মহিলাগৰাকীক। হাজাৰ ফুট উচ্চতাত উৰন্ত বিমানত প্ৰসৱ কৱোৰা এগৰাকী চিকিৎসকৰ নাম আছিল নিকোলাই। তেওঁৰ নামেৰেই নামকৰণ কৰা হ’ল নৱজাতকৰ।

ইয়াৰ পিছতে মানছেষ্টাৰত নমাই মহিলাগৰাকীক পেৰামেডিকেল কৰ্মচাৰীৰ তত্বাৱধানত ৰখা হৈছে। নিকোলাইৰ জন্মৰ পিছত লুফথানছাৰ বিমানখনত দেখা গ’ল উলাহৰ ঢল। সেই সম্পৰ্কে টুইটাৰত ভিডিঅ’ পোষ্ট কৰিলে লুফথানছাই।

 

 

Related Articles

Leave a Reply

Close