অসম

বেছিমাৰীত বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদানৰ সফল সামৰণি: কৃতি ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা আমছুৰ

প্ৰথম খবৰ, দলগাঁও: সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ বেছিমাৰী আঞ্চলিক সমিতিয়ে ৩ জুলাই, ২০১৭ তাৰিখৰ পৰা নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক মানদণ্ড উন্নত কৰা অর্থে আয়োজন কৰা বিনামূলীয়া গ্রীষ্মকালীন পাঠদান শিবিৰৰ অন্তত আজি বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।

বেছিমাৰী আঞ্চলিক সমিতিৰ সভাপতি আছাদুল্লাহ আল গালিফৰ সভাপতিত্বত অনুষ্ঠিত সম্বর্ধনা সভাখনত ২০১৭ বর্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংশ্বন সহ প্রথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰী সকলক আৰু গ্রীষ্মকালীন পাঠদান শিবিৰৰ অন্তত অনুষ্ঠিত প্রতিযোগিতামূলক পৰীক্ষাত স্থান প্ৰাপ্ত সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানত বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আলহাজ নুৰুল ইছলাম সমল ব্যক্তি হিচাপে উপস্থিত থাকি আমছুৰ বেছিমাৰী আঞ্চলিক সমিতিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শিক্ষাৰ ওপৰত যথেষ্ট মন্তব্য আগবঢ়ায়।

আজিৰ অনুষ্ঠানত উপস্থিত থাকে দৰং জিলা আমছুৰ উপদেষ্টা ৰফিকুল ইছলাম, সভাপতি ছাইফুল ইছলাম, সাধাৰণ সম্পাদকদ্বয় নাজিৰ উদ্দিন আহমেদ আৰু মাহবুবুল আলম, সম্পাদক আমানুল হক, সাংগঠনিক সম্পাদক জচিম উদ্দিন আহমেদ আৰু শ্বৰিফুল ইছলাম। লগতে বেছিমাৰী আঞ্চলিক আমছুৰ কৰ্ম-কৰ্তাসকল। আজিৰ সভাখনত বিশেষ আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে ওদালগুৰি জিলা আমছুৰ প্ৰাক্তন সভাপতি ও বর্তমানৰ উপদেষ্টা মোছাবিৰুল হক।

 

Related Articles

Leave a Reply

Close