অসম

আজি বিশ্বনাথলৈ আহিব কেন্দ্ৰীয় প্ৰতিনিধি দল

নিউজ ডেস্ক, প্ৰথম খবৰ: কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ এটি দল বিশ্বনাথ জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰাৰ উদ্দেশ্যে আজি সন্ধিয়া প্ৰায় আঠ বজাত বিশ্বনাথ চাৰিআলিত উপস্থিত হ’ব। ইয়াৰ পিছত দলটোৱে আজি বিশ্বনাথৰ উপায়ুক্ত কাৰ্য্যালয়ৰ বিভাগীয় মুৰব্বীসকলৰ লগত এক গুৰুত্বপূৰ্ণ সভাত মিলিত হ’ব। বিশ্বনাথ জিলাৰ উপায়ুক্ত আসিতাক্ষ চক্ৰৱৰ্তী আৰু গহপুৰৰ মহকুমাধিপতি ডঃ ইন্দ্ৰানসী দাসেও উক্ত আলোচনাত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী যুটীয়া সচিব পৰ্যায়ৰ বিষয়াৰ নেতত্বত অহা দলটোৱে কাইলৈ গহপুৰ মহকুমাৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি অৱস্থাৰ বুজ ল’ব।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close