অসম

চিচিবৰগাঁও উন্নয়ন খণ্ডত টেক্সৰ নামত প্ৰায় ৬০ কোটি টকাৰ দুৰ্নীতিৰ সন্দেহঃ বাৰে বাৰে আবেদন কৰিও ফলাফল পোৱাৰ পৰা বঞ্চিত আৰ টি আই কৰ্মী

প্ৰথম খবৰ, চিচিবৰগাঁও: পৰিৱৰ্তনৰ শ্লোগানেৰে দেশ শাসনৰ ভাৰ হাতত লোৱা বিজেপি চৰকাৰে দুৰ্নীতি সমুলঞ্চে নিপাত যোৱাৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হোৱাৰ সময়তে চৰকাৰী টেক্সৰ নামত প্ৰায় ৬০ কোটি টকা দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে ধেমাজি জিলাৰ অন্তৰ্গত চিচিবৰগাঁও খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত। জানিব পৰা মতে, ২০০৯ বৰ্ষৰ পৰা ২০১৭ বৰ্ষলৈকে চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনত চলা বিভিন্ন কামৰ বিনিময়ত চৰকাৰৰ বনবিভাগ আৰু অন্যান্য বিভাগসমূহত দিবলগীয়া টেক্সৰ ক্ষেত্ৰত প্ৰায় ৬০ কোটি টকাৰ অনিয়ম হোৱাৰ সন্দেহ কৰি চিলাপথাৰৰ বিমল নাথ নামৰ আৰ টি আই কৰ্মীজনে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত যোৱা বছৰৰ ৮ ডিচেম্বৰত চিচিবৰগাঁও উন্নয়নখণ্ডত তথ্য বিচাৰি এখন আবেদন জনাইছিল। কিন্তু নিদ্দিষ্ট সময়ত তথ্যসমূহ যোগান নধৰাৰ ফলত তেওঁ পৰ্যায়ক্ৰমে ৰাজ্যিক লোকতথ্য বিষয়া পৰ্যন্ত আবেদন জনায়। ইটোৰ পিছত সিটো শুনানী গ্ৰহণ কৰিলে কিন্তু আজিকোপতি কোনো ফল নধৰিল । অৱশেষত উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপিবলগীয়া হ’ল আবেদনকাৰী বিমল নাথ। বিষয়টোৰ সন্দৰ্ভত আমি সংবাদ মাধ্যমৰ তিনিজন সাংবাদিকে আজি দুপৰীয়া উন্নয়নখণ্ড কাৰ্য্যালয়ৰ পৰা স্পষ্টীকৰণ বিচাৰি যোৱাত বিষয়টোৰ সন্দৰ্ভত কেমেৰাৰ আগত মুখ খুলিবলৈ অস্বীকাৰ কৰে কাৰ্য্যালয়ৰ লোক তথ্য বিষয়াগৰাকীয়ে। প্ৰকৃততে বিচৰা তথ্যসমূহ দিব নোৱাৰে উন্নয়নখণ্ডৰ কাৰ্য্যালয়ে। তথ্যসমূহ যোগান ধৰিলে তেওঁলোকৰ ৬০ কোটিটকীয়া দুৰ্নীতি ফাদিল হোৱাৰ ভয়ত আজিকোপতি যোগান ধৰা নাই তথ্যসমূহ। পূৰ্বৰে পৰাই চিচিবৰগাঁও উন্নয়নখণ্ডত বিভিন্ন বিষয়ত কোটিটকীয়া দুৰ্নীতিৰ কথা সংবাদ মাধ্যমত প্ৰচাৰ হৈ আহিছে। এতিয়া এই তথ্যসমূহ যোগান ধৰিলে পুনৰ আন এক বৃহৎ কেলেংকাৰী ফাদিল হোৱাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close