অসম

দুলীয়াজানত হানী ট্ৰেপিং,  কিশোৰী সহ ৬ জনীয়া চক্ৰ আৰক্ষীৰ জালত

প্ৰথম খবৰ, দুলীয়াজান: প্ৰভাৱশালী চক্ৰ এটাই বিগত বৰ্ষত তৈলচহৰ দুলীয়াজানত হানী ট্ৰেপিংৰে কোটি টকা ঘটাৰ ঘটনা মাৰ নৌ যাওঁতেই পুনৰ চহৰখনত হানী ট্ৰেপিঙে এক চাঞ্চল্যৰ পৰিৱেশ সৃষ্টি কৰিছে। আজি পুৱতি নিশা চহৰখনৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই হানী ট্ৰেপিংত জড়িত এগৰাকী কিশোৰীসহ ৬ জনীয়া চক্ৰ এটাক আটক কৰিবলৈ সক্ষম হয়। দুলীয়াজান আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক সুৰেশ দেউৰী আৰু নাওহলীয়া আৰক্ষী চকীৰ উপ-পৰিদৰ্শক উত্তম অধিকাৰী নেতৃত্বত যোৱা আৰক্ষীৰ বাহিনীয়ে বহুদিনীয়া অভিযানৰ অন্ততঃ আটক কৰা হানী ট্ৰেপিংৰ চক্ৰটোত দুলীয়াজান টিপলিংস্থিত জাঠ ৰেজিমেন্টৰ এগৰাকী সেনাবাহিনীৰ বিষয়াৰ নামো সাঙোৰ খাই পৰিছে। ইতিমধ্যে ধৃত চক্ৰটোত জড়িত আছে ৩ নং নাওহলীয়াৰ য়াছিন খান (৩৮), প্ৰদীপ কৰ্মকাৰ ( ২৭) আৰু ১ নং সৰুপথাৰ বঙালী গাঁৱৰ মনোজ প্ৰসাদ (৩০), অইল আবাসীক এৰিয়া টি ডি প্লাছৰ সমীপৰ লক্ষ্মী বাল্মীকি ( ৪০) , দুলীয়াজান ৰেলৱে ষ্টেচনৰ সমীপৰ লিনা শইকীয়া ( ২২ ) সহ এগৰাকী ১৪ বছৰীয়া কিশোৰী। ইয়াৰে লক্ষ্মী বাল্মিকী আৰু লিনা শইকীয়া বিবাহিতা। জানিব পৰামতে, পূৰ্ব পৰিকল্পিত অনুসৰি লক্ষ্মী বাল্মীকি নামৰ মহিলা গৰাকীৰ ঘৰত যোগেন কলিতা নামৰ অইলৰ অৱসৰপ্ৰাপ্ত বিষয়াজনৰ সৈতে কিশোৰীগৰাকীৰ অসংযত অৱস্থাত ভি ডি অ’ কৰে সহযোগী চক্ৰটোৰ এজনে। চক্ৰটোৰ এজনৰ দ্বাৰাই এই অশ্লীল ভি ডি অ’ সেনাবাহিনী বিষয়াজনৰ হাতত পৰাত সেনাবাহিনীৰ বিষয়াজনে অইলৰ অৱসৰপ্ৰাপ্ত লোকজনক ৪ লাখ টকা দাবীৰে ব্লেকমেইলেৰে দলীলত স্বাক্ষৰ কৰাই লয় বুলি সূত্ৰত প্ৰকাশ। এই সন্দৰ্ভত যোগেন কলিতাই দুলীয়াজান থানাত এজাহাৰ দাখিল কৰিছিল। ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ ( বি ) / ৩৪২/ ৩২৫/৪২৭/ ৩৮৪/ ৩৮৭ ধাৰা আৰু ২৭৮/ ১৭ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে বিশেষ সূত্ৰৰ দ্বাৰা এই চক্ৰটোক আটক কৰে। এই হানী ট্ৰেপিংত এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি নামৰূপস্থিত উপ আৰক্ষী অধীক্ষক আছিফ আহমেদে ইয়াক উৎখাত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে ।

Related Articles

Leave a Reply

Close