অসম

নৱজ্যোতি সাংস্কৃতিক সংঘ সভা সম্পন্ন

প্ৰথম খবৰ, গৌৰীসাগৰ: শিৱসাগৰত ১৯৯০ চনতে স্থাপন হোৱা শিৱসাগৰ নৱজ্যোতি সাংস্কৃতিক সংঘৰ দ্বিবাৰ্ষিক সাধাৰণ সভা অাজি শিৱসাগৰ নাট্যমন্দিৰ সভাকক্ষত সম্পন্ন হয়। সংঘটো কাৰ্যকৰী সভাপতি নিৰজা প্ৰসাদ শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে নয়নমণি গোস্বামীয়ে।

এই সভাত নয়নমণি গোস্বামী ব্যৱস্থাপনা প্ৰস্তুত কৰি উলিওৱা হাতেৰে লিখা অালোচনী ‘নৱচেতনা’নামৰ গ্ৰন্থখনি উন্মোচন কৰে শিৱসাগৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলিপ ফুকনে। এই সভাতে এই অনুষ্ঠানৰ প্ৰতিষ্ঠাপক তথা শিক্ষাবিদ ভৱেশ চন্দ্ৰ চাংকাকতিক নৱজ্যোতি সংঘ হৈ সম্বধৰ্না জনোৱা হয়।

সভাত সংঘৰ পুৰণা সমিতিখন ভংগকৰি ১৫ জনীয়া এখন নতুন শক্তিশালী সমিতি গঠন কৰা হয়। সভাৰ সব্বসন্মতিমৰ্মে নিৰজা প্ৰসাদ শৰ্মাক সভাপতি, নয়নমণি গোস্বামী আৰু হেমকান্ত ভূঞাক উপসভাপতি, ব্ৰজেন দাসক সম্পাদক, প্ৰান্তিক শৰ্মা, মঞ্জুলা দেৱীক সহকাৰী সম্পাদক অাৰু কৃষ্ণ শীলক নতুন সমিতি কোষাধ্যক্ষ দায়িত্ব অৰ্পন কৰা হয়।

Related Articles

Leave a Reply

Close