অসম

জনীয়া ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত উদ্বোধন হ’ল বিধায়ক ট্ৰফি ২০১৭

প্ৰথম খবৰ, মইনৱড়ী: নৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে পোন প্ৰথম বাৰৰ বাবে জনীয়া সমষ্টি ভিত্তিত বিধায়ক আব্দুল খালেকৰ তৎপৰতাত এম এল এ ট্ৰফী (জনীয়া)২০১৭ ফুটবল খেল প্ৰতিযোগীতাখন আজি বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ জনীয়া ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত শুভ উদ্বোধন কৰে অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে। জনীয়াৰ বিধায়ক আব্দুল খালেকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী উপস্থিত থকাৰ লগতে বৰপেটা সমষ্টিৰ বিধায়ক তথা বৰপেটা জিলা ক্ৰীড়া সন্থাৰ সভাপতি গুনীণ দাস, বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ, বৰপেটা জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকা আৰু বিশিষ্ট সাংবাদিক বিশ্বজিৎ দাস উপস্থিত থাকি ভাষণ প্ৰদান কৰে। প্ৰতিযোগীতা উদ্বোধনী খেলখন অনুষ্ঠিত কৰাৰ বাবে আয়োজক সমিতিয়ে আতচবাজীৰে মুখৰিত কৰি তোলে জনীয়া ৰাজীৱ গান্ধী মিনি ষ্টেডিয়াম।

আবেলি ৩ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগীতাৰ উদ্বোধনী খেলখন জনীয়া আঞ্চলিক ক্ৰীড়া সন্থা আৰু কাদং ইয়ং ষ্টাৰ ক্লাৱৰ মাজত অনুষ্ঠিত যদিও কাদং ইয়ং ষ্টাৰ ক্লাৱে দুই শূণ্য গলত জয়ী হয়। অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ভাষণ প্ৰসংগত জনীয়াৰ বিধায়ক আব্দুল খালেকৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰি প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু ফুটবল খেলৰ অনুশাসন মানি চলা শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা অধ্যক্ষ গৰাকীয়ে আগবঢ়াব বুলি ঘোষণা কৰে। লগতে সকলো বিতৰ্কৰ উৰ্ধত বিধায়ক ট্ৰফি ফুটবল প্ৰতিযোগিতা যাতে চিৰ যুগমীয়া হৈ থাকে তাৰ বাবে বিধায়ক আব্দুল খালেকৰ লগতে জনীয়াবাসী ৰাইজক আহ্বান জনায়। ইয়াৰ উপৰিও জনীয়া সমষ্টিৰ বিভিন্ন সমস্যা সমাধানৰ বাবে বিভাগীয় মন্ত্ৰীক লগ ধৰি সমস্যাসমূহ সমাধান কৰাৰ বাবে আবেদন জনাব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

Related Articles

Leave a Reply

Close