অসম

কাজলগাঁৱত তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী

প্ৰথম খবৰ, নিউজ ব্যুৰ’: নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু, এনডিএফবি (প্ৰগতিশীল) আৰু পিপুলচ জয়েণ্ট একচন কমিটি ফৰ্ বড়োলেণ্ড মুভমেণ্টৰ  যৌথ আহ্বানত বড়ো জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা আৰু পৃথক বড়োলেণ্ড ৰাজ্য গঠন দাবীত পুৱা দহ বজাৰ পৰা চিৰাঙৰ কাজলগাঁওস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বড়ো চৰকাৰী কৰ্মচাৰীসকলৰ তিনিঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে। প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰা উক্ত কাৰ্যসূচিত বড়োলেণ্ড আমাক লাগিবই, বড়োলেণ্ড আমাৰ জন্মগত অধিকাৰ, বিজেপি চৰকাৰ মুৰ্দাবাদ, ৰাজনাথ সিং মুৰ্দাবাদ ইত্যাদি শ্লোগানেৰে উত্তাল কৰি তোলে কাজলগাঁৱৰ আকাশ বতাহ।

Related Articles

Leave a Reply

Close