অসম

তেজপুৰত কেন্দ্ৰীয়ভাৱে কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস

প্ৰথম খবৰ, তেজপুৰ: সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ২৭তম প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে তেজপুৰত বাণ থিয়েটাৰত সভা কক্ষত অনুষ্ঠিত হৈ যায়। পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচীৰে আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ ৰায়ে।

বিশিষ্ট অতিথি হিচাপে কোচ ৰাজবংশী সন্মিলনী সভাপতি দেৱ কুমাৰ শইকীয়া, কোচ ৰাজবংশী নেতা কমল বৰ্মন, প্ৰদীপ নাগ, গৌৰাংগ ৰায় আদিকে ধৰি বহু ব্যক্তি উপস্থিত থাকে।

বিভিন্ন সমস্যৰে ভাৰাক্ৰান্ত জনগোষ্ঠীটোৰ উন্নতিৰ বাবে বিভিন্ন সংগ্ৰাম চলি আহিছে যদিও চৰকাৰেও বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দি প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ সংগঠনটোৰ। সকলো কোচ-ৰাজবংশী লোক জনগোষ্ঠীটোৰ উন্নতিৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান সংগঠনটোৰ।

Related Articles

Leave a Reply

Close