অসম

মানিকপুৰৰ ৩নং বাশবাৰীত শিশুৰ সলিল সমাধি

প্ৰথম খবৰ, মানিকপুৰ: বঙাইগাঁও জিলাৰ মানিকপুৰৰ ৩নং বাশবাৰীত অঘটন। নিজৰ ঘৰৰ চোতালৰ কাষত থকা পানীৰ ড্ৰেইনত পৰি মৃত্যু হয় ১ বছৰীয়া শিশু আমিনা খাতুন। পথাৰত কাম কৰি থকা মানুহৰ বাবে ভাত লৈ যোৱাৰ সময়ত শিশুটোক অকলে ঘৰত এৰি থৈ যায় মাকে। চোতালত খেলি থকা কণমানিটো হঠাৎ পানীৰ ড্ৰেইনত পৰি যায়। মাকে ঘৰত আহি কণমানিটোক বিচাৰি নাপাই অৱশেষত পানীৰ ড্ৰেইনৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্ত্তি কৰায় যদিও চিকিৎসকে শিশুটোক মৃত্যু হোৱা বুলি ঘোষণা কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close