অসমশীৰ্ষ

ৰূপজ্যোতিক পগলা ফাটেক নিয়ক, বিজেপিৰ ৰাজ্যিক চাহ মৰ্চাৰ তীৰ্যক মন্তব্য

প্ৰথম খবৰ, মৰিয়ণি: মৰিয়ণিত বিজেপি আৰু কংগ্ৰেছৰ সংঘাত তুংগত। যোৱা কিছুদিন ধৰি মৰিয়নিত RSS ৰ প্ৰশিক্ষণ শিবিৰক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু বিজেপি কর্মকর্তাসকলৰ মাজত এক শীতল যুদ্ধ চলি আহিছে। বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে মৰিয়ণিৰ বিধায়কগৰাকীয়ে বিজেপি দলৰ নেতা কৰ্মীসকলক উদ্দেশ্যি শ্ৰুতিকটু মন্তব্য দিয়াৰ বিপৰীতে বিজেপি নেতা পালিনেতাও বিধায়কগৰাকীৰ বিৰুদ্ধে একে মন্তব্য দিয়া পৰিলক্ষিত হৈছিল।

যদিও আজি মৰিয়ণিৰ বিজেপিৰ কর্মকর্তাসকলে ৰূপজ্যোতি কুর্মীয়ে মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি সংবাদমাধ্যমৰ জৰিয়তে দিয়া শ্ৰুতিকটু মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে।

আজি দুপৰীয়া বিজেপিৰ প্ৰায় অৰ্ধশতাধিক কর্মকর্তা ৰাজপথলৈ ওলাই কুৰ্মিৰ প্ৰতিকৃতি দাহ কৰে। মৰিয়ণি নগৰৰ মাজমজিয়াৰপৰা ৰূপজ্যোতি দাদাগিৰী নচলিব, ৰূপজ্যোতি কুর্মী মুর্দাবাদ আদি লিখিত প্লে’কাৰ্ড লৈ বিজেপি কর্মকর্তাসকলে কংগ্ৰেছ বিৰোধী শ্লোগানেৰে নগৰখন উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীয়ে নগৰৰ থানা তিনিআলিত কংগ্ৰেছী বিধায়কগৰাকীৰ প্ৰতিকৃতি দাহ কৰি কুৰ্মিক অতি সোনকালে পগলা ফাটেক প্ৰেৰণৰ বাবে চৰকাৰলৈ শ্লেষাত্মকভাৱে আহ্বান জনায় বিজেপিৰ ৰাজ্যিক চাহ মৰ্চাৰ সাধাৰণ সম্পাদক দুলেন নায়কে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close