অসম

মুকালমুৱাত বিদ্যুৎ বিভাগৰ মৰণফান্দ

প্ৰথম খবৰ, মুকালমুৱা: বিদ্যুৎ বিভাগৰ চুড়ান্ত গাফিলতি আৰু হেমাহিৰ ফলতে যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদৰ আকংশাত ভুগিছে মুকালমুৱাৰ হাউলীঘাটবাসীয়ে৷ কিয়নো হাউলীঘাট গাঁৱলৈ সোমায় যোৱা মূল পথটোৰ ওপৰত থকা বিদ্যুৎ পৰিবাহী তাঁৰে আনিব পাৰে ভয়ংকৰ অঘটন যাৰ ফলত এতিয়া গাঁওবাসীয়ে বিপদৰ শংকাত ভুগিব লগা হৈছে৷ হাউলীঘাট প্ৰাথমিক বিদ্যালয়ৰ ওপৰত থকা বিদ্যুৎ পৰিবাঁহী তাঁৰডালক এজোপা প্ৰকাণ্ড বাঁহ গছে হেঁচা মাৰি ধৰা ফলতে ঘটিব পাৰে অঘটন, কিয়নো এটা অতি ব্যস্ত পথৰ ওপৰত এনেদৰে ওলমি আছে বিদ্যুৎ বিভাগৰ তাঁৰ তাতে আৰু গাতে লাগি আছে হাউলীঘাট প্ৰাথমিক বিদ্যালয়। যিখন বিদ্যালয়ত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা অৰ্জন কৰি আছে তেনে এখন বিদ্যালয়ৰ ওপৰত এনেদৰে বিদ্যুৎৰ তাঁৰ ওলমি থকাত ভয়ংকৰ বিপদৰ আুশংকাত ভগিছে মুকালমুৱাৰ হাউলীঘাটবাসী। উল্লেখ্য যে, প্ৰাথমিক বিদ্যালয় খনৰ সম্মুখতে স্থাপন কৰা ট্ৰেন্সফৰ্মাতো উন্মুক্ত অৱস্থাতে আছে৷ চামতা বিদ্যুৎ উপ-সংমণ্ডৰ অধীনস্থ মুকালমুৱা বিদ্যুৎ বিভাগক হাউলীঘাটৰ স্থানীয় ৰাইজে বাৰং-বাৰ অনুৰোধ জনোৱাৰ ফলতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত কৰিছে গাঁওবাসীয়ে৷ বিদ্যুৎ বিভাগৰ এনে কাণ্ডজ্ঞানহীনতাৰ বাবে শক্তি মন্ত্ৰী পল্লৱলোচন দাসক ধিক্কাৰ জনাইছে ভয়ংকৰ বিপদৰ আশংকাত ভুগা গাঁওবাসীয়ে। উল্লেখযোগ্য যে, হাউলীঘাট প্ৰাথমিক বিদ্যালয়খন অসম বিধানসভাৰ অন্যতম সমষ্টি বৰক্ষেত্ৰী সমষ্টিৰ এটা ভোট কেন্দ্ৰ যিটো কেন্দ্ৰত বৰক্ষেত্ৰী সমষ্টিৰ স্থানীয় বিধায়ক নাৰায়ন ডেকাই ভোট প্ৰদান কৰে তেনে এটা কেন্দ্ৰৰ ওপৰত এনেদৰে বিপদ সংকুলভাৱে বিদ্যুৎৰ তাঁৰ ওলমি থকাত স্থানীয় হাউলীঘাট ৰাইজে বিধায়ক নাৰায়ন ডেকাকো কঠোৰ ভাষাৰে সমলোচনা কৰিছে।

Related Articles

Leave a Reply

Close